নাজিৰা, 3 জুলাই :অসমীয়া ছবি জগতৰ বাবে এক সুখবৰ ৷ লোকেল উৎপাত, দাদা তুমি দুষ্ট বৰৰ পাচত এইবাৰ ছবিগৃহলৈ আহিছে আন এক অসমীয়া ছবি ‘তুলসী’ (New Assamese Film Tulakhi) ৷ শনিবাৰে শিৱসাগৰ জিলাৰ নাজিৰা বোলছবি গৃহত ‘তুলসী’ নামৰ নতুন অসমীয়া কথাছবিখনে মুক্তি লাভ কৰে ৷
এন এইচ আলট্ৰা এন্টাটেইনমেন্টে প্ৰডাকচনো বেনাৰত নিৰ্মিত নতুন অসমীয়া কথাছবিখনে (New Assamese film) প্ৰথম দিনাই দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷ টীম তুলসীক কেন্দ্ৰ কৰি অনুৰাগীসকলৰ মাজতো ব্যাপক উছাহ-উদ্দীপনা পৰিলক্ষিত হয় ৷ নাজিৰাৰ বোলছবি গৃহত মুক্তি লাভ কৰা ‘তুলসী’ কথাছবিখনৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে নাজিৰাৰ বিশিষ্ট সমাজকৰ্মী নৱশ্যাম মেছ, শিক্ষাবিদ ৰাজেন শৰ্মা আৰু শিক্ষয়িত্ৰী দিপালী ৰাজকুমাৰী ৷