আমগুৰি ৯ জুলাইঃ শিৱসাগৰ জিলাৰ আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈকে ধৰি জেলত আবদ্ধ কৰি ৰখা সকলো সদস্যৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে আবদ্ধ কৰি ৰখা সকলো নেতা-সদস্যক বিনা চৰ্তে মুকলি কৰি দিবলৈ চৰকাৰক দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷
কৰ'ণা মহামাৰীৰ ফলত যিটো সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কাৰাগাৰৰ পৰা ইজনৰ পিছত সিজনকৈ কাৰাবন্দীক মুকলি কৰি দিয়া হৈছে, সেই সময়তে অখিল গগৈসহ অন্যান্য নেতাসকলক চৰকাৰে নতুন-নতুন গোচৰ জাপি দি কাৰাৰুদ্ধ কৰি ৰাখিছে । আনহাতে দীৰ্ঘদিনৰ পৰা শাৰীৰিক অসুস্থতাৰ পাচতো কৃষক মুক্তি আৰু ছাত্ৰ-মুক্তিৰ নেতাকেইজনক চৰকাৰ প্ৰশাসনে উন্নত চিকিৎসা প্ৰদান নকৰাত ক্ষুব্ধ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আহোম জাতীয় গণমঞ্চ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তাই আহোম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তাই আহোম যুৱ পৰিষদৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ সদস্য সকল ৷