আৰক্ষী চকীৰ শীৰ্ষত ‘নাজিৰা থানা’ - চাৰ্টিফিকেট অৱ এক্সিলেন্স
ৰাজ্যখনৰ আৰক্ষী চকীসমূহৰ ভিতৰত নাজিৰা আৰক্ষী চকীক শ্ৰেষ্ঠ ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৷ গৃহ মন্ত্ৰালয়ৰ এটা বিশেষ প্ৰতিনিধি দলে ৰাজ্যৰ প্ৰতিখন আৰক্ষী চকী পৰিদৰ্শনৰ অন্তত নাজিৰা আৰক্ষী চকীক প্ৰদান কৰে এই বিশেষ সন্মান ৷

আৰক্ষী চকীৰ শীৰ্ষত ‘নাজিৰা থানা’
নাজিৰা, 8 জুন: নাজিৰা আৰক্ষী চকীক অসমৰ শ্ৰেষ্ঠ আৰক্ষী থানা হিচাপে ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে । 2018 বৰ্ষত অসমৰ আৰক্ষী চকীসমূহৰ বাৰ্ষিক স্থান মূল্যাংকত ৰাজ্যখনৰ আৰক্ষী চকীসমূহৰ ভিতৰত ‘নাজিৰা আৰক্ষী চকী’ক শ্ৰেষ্ঠ আৰক্ষী চকী হিচাপে ঘোষণা কৰে গৃহ মন্ত্ৰালয়ৰ এটা বিশেষ প্ৰতিনিধি দলে ৷ উল্লেখ্য যে, গৃহ মন্ত্ৰালয়ৰ দলটোৱে ৰাজ্যখনৰ সকলোবোৰ থানাৰ পৰিদৰ্শন তথা পৰীক্ষণৰ অন্তত নাজিৰা আৰক্ষী চকীক প্ৰদান কৰে ‘চাৰ্টিফিকেট অৱ এক্সিলেন্স’ৰ সন্মান ৷
আৰক্ষী চকীৰ শীৰ্ষত ‘নাজিৰা থানা’
Last Updated : Jun 11, 2019, 11:43 AM IST