অসম

assam

ETV Bharat / city

ভাওনা সংস্কৃতিক চিৰযুগমীয়া কৰাত ব্ৰতী এগৰাকী মুখা শিল্পী - আমগুৰিৰ ঐতিহাসিক জৰাবাৰী সত্ৰৰ প্ৰদীপ হাজৰিকা

আমগুৰিৰ ঐতিহাসিক জৰাবাৰী সত্ৰৰ প্ৰদীপ হাজৰিকাই মুখাশিল্পৰ লগতে অন্যান্য কেইবাটাও সৃষ্টিকামী শিল্পক নিজ হাতেৰে প্ৰস্তুত কৰি ইতিমধ্যে অসমৰ লগতে বহিঃৰাজ্যতো প্ৰদৰ্শনীৰ সুবিধা লাভ কৰিছে । অসমীয়া সংস্কৃতিক জীয়াই ৰাখিব বিচৰা এইগৰাকী শিল্পী বৰ্তমানেও চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত ৷

ভাওনা সংস্কৃতিক যুগমীয়া কৰিব বিচৰা এগৰাকী মুখা শিল্পী
মুখা শিল্পী প্ৰদীপ হাজৰিকা

By

Published : Sep 23, 2020, 2:08 PM IST

আমগুৰি, ২২ ছেপ্টেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনৱদ্য অৱদান ভাওনা । এই ভাওনা স‌ংস্কৃতিৰ সৈতে জড়িত হৈ আছে মুখাশিল্প । অসমৰ লোক সংস্কৃতিৰ অন্তৰ্গত মুখাশিল্পৰ আছে অন্য এক মাত্ৰা । এই শিল্পই বৰ্তমান সময়ত ৰাজ্য তথা দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে সমাদৰ ৷

ভাওনা সংস্কৃতিক যুগমীয়া কৰিব বিচৰা এগৰাকী মুখা শিল্পী
নিজা গৃহতে সৰুকৈ সংগ্ৰহালয় নিৰ্মাণ কৰি ভাওনা সংস্কৃতিত ব্যৱহৃত মুখা সংৰক্ষণ কৰি ৰাখিছে শিৱসাগৰৰ আমগুৰিৰ এজন যুৱকে ৷ এই যুৱকজন হৈছে প্ৰদীপ হাজৰিকা ৷ 'সৃষ্টিকামী শিল্প উদ্যোগ আৰু সুকুমাৰ কলা চৰ্চাৰ কেন্দ্ৰ' নামেৰে ২০১০ চনৰ পৰা মুখাশিল্পৰ লগতে ভাস্কৰ্য শিল্পটো জড়িত হৈ আহিছে প্ৰদীপ হাজৰিকা ৷
আমগুৰিৰ প্ৰদীপ হাজৰিকাৰ অনবদ্য প্ৰয়াস

আমগুৰিৰ ঐতিহাসিক জৰাবাৰী সত্ৰৰ প্ৰদীপ হাজৰিকাই মুখাশিল্পৰ লগতে অন্যান্য কেইবাটাও সৃষ্টিকামী শিল্পক নিজ হাতেৰে প্ৰস্তুত কৰি ইতিমধ্যে অসমৰ লগতে বহিঃৰাজ্যতো প্ৰদৰ্শনীৰ সুবিধা লাভ কৰিছে ।

ভাওনা সংস্কৃতিক জীয়াই ৰখাৰ প্ৰসাস প্ৰদীপ হাজৰিকাৰ

সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টা আৰু চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ হেমচন্দ্ৰদেৱ গোস্বামীক গুৰু হিচাপে গ্ৰহণ কৰি প্ৰদীপ হাজৰিকাই যোৱা ১০ বছৰে অব্যাহত ৰাখিছে এই ধাৰা ৷

ভাওনা সংস্কৃতিক জীয়াই ৰখাৰ প্ৰসাস প্ৰদীপ হাজৰিকাৰ

আৰ্থিকভাৱে দুৰ্বল যুৱকজনে অসমীয়া সংস্কৃতিৰ অন্যতম সম্পদ ভাওনাৰ বাবে প্ৰয়োজনীয় মুখাশিল্পক সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে । সংস্কৃতিৱান যুৱকজনে বৰ্তমানলৈ চৰকাৰৰ পৰা লাভ কৰা নাই কোনো ধৰণৰ সাহাৰ্য । গুৰুজনাৰ শিল্পৰাজিৰ ক্ষেত্ৰত কৰিবলগীয়া আৰু বহু আছে বুলিও মত পোষণ কৰে প্ৰতিভাৱান শিল্পীগৰাকীয়ে ।

ভাওনা সংস্কৃতিক জীয়াই ৰখাৰ প্ৰসাস প্ৰদীপ হাজৰিকাৰ

এক সুকীয়া পৰিচয় বহন কৰা অসমীয়া জাতিৰ এই আপুৰুগীয়া সম্পদৰাজি সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে অনীহা প্ৰকাশ কৰাৰ লগতে শিল্পীসকলকো প্ৰদান কৰা নাই পৰ্যাপ্ত সুবিধা । বিভিন্ন সময়ত চৰকাৰে শিল্পীসকলক সুবিধা প্ৰদান কৰা বুলি প্ৰকাশ কৰিলেও প্ৰদীপ হাজৰিকাৰ দৰে একাংশ প্ৰকৃত শিল্পীয়ে আজিও বঞ্চিত হৈ আছে চৰকাৰী সা-সুবিধাৰ পৰা । ইয়াৰোপৰি, কৰ'ণা ভাইৰাছৰ দ্বাৰা সৃষ্ট লক ডাউনৰ বাবেও সাংস্কৃতিক অনুষ্ঠানসমূহ বন্ধ হৈ পৰাত এতিয়া অসুবিধাৰ সন্মুখীন হৈছে সৃষ্টিকামী শিল্পৰ সৈতে জড়িত শিল্পীসকল । সেয়েহে সেই সমূহ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলে শিল্পীসকল নিশ্চয় উপকৃত হ'ব বুলি আশা কৰিব পাৰি ।

ভাওনা সংস্কৃতিক জীয়াই ৰখাৰ প্ৰসাস প্ৰদীপ হাজৰিকাৰ

লগতে পঢ়ক :এগৰাকী প্ৰসূতিৰ এটা ভিডিঅ'ই তোলপাৰ লগাইছে ৰঙিয়াত

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details