অসম

assam

ETV Bharat / city

শংকা-অনিশ্চয়তাত NRC ৰ চূড়ান্ত তালিকাত নাম নথকা বহু খিলঞ্জীয়া

চলিত মাহৰ 31 আগষ্টত এটা বছৰ সম্পূৰ্ণ হ’ব NRC ৰ চূড়ান্ত তালিকাৰ প্ৰকাশৰ দিন ৷ কিন্তু তালিকা প্ৰকাশৰ এবছৰৰ সময় প্ৰাকক্ষণতো শংকা, সন্দেহ, ভয়ৰ মাজত জীৱন অতিবাহিত কৰিছে তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা একাংশ খিলঞ্জীয়াই । বছৰ বছৰ ধৰি শিৱসাগৰৰ দিছাংমুখত বাস কৰি অহা তেনে এক পৰিয়াল হৈছে চন্দ্ৰ সৰকাৰৰ পৰিয়াল । 1956 চনৰ নথি থকাৰ পাছতো তালিকাত নাম অন্তৰ্ভুক্ত নহ’ল এই 6 জনীয়া পৰিয়ালৰ ।

By

Published : Aug 26, 2020, 8:48 PM IST

Many unnamed in the NRC's final list of uncertainties
Many unnamed in the NRC's final list of uncertainties

শিৱসাগৰ, 26 আগষ্ট: বিদেশী চিনাক্তকৰণৰ নামত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত অসমত 2015 চনৰ পৰা আৰম্ভ কৰা হৈছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নিতকৰণ কাম । বহু শুনানী, বংশ পৰিচয় নিৰ্ধাৰণ আদি জটিল প্ৰক্ৰিয়াৰ মাজেৰে 2019 চনৰ আগষ্ট মাহত প্ৰকাশ পাইছিল NRC ৰ চূড়ান্ত তালিকা । নাগৰিক পঞ্জী প্ৰকাশৰ লগে লগে অবৈধ নাগৰিকৰ মাজত হুৱাদুৱা লগাৰ লগতে বিভিন্ন কাৰণত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা একাংশ খিলঞ্জীয়াৰ মাজতো সৃষ্টি হৈছিল হাহাকাৰ পৰিৱেশৰ । দিছাংমুখৰ চন্দ্ৰ সৰকাৰৰ 1956 চনৰ নথি থকাৰ পাছতো তালিকাত নাম অন্তৰ্ভুক্ত নহ’ল ৬ জনীয়া পৰিয়ালটোৰ ।

দিছাংমুখৰ চন্দ্ৰ সৰকাৰৰ পৰিয়াল

চূড়ান্ত তালিকাত নাম সন্নিৱিষ্ট নোহোৱা লোক সকলে নাগৰিক সন্মান প্ৰাপ্তিৰ বাবে ফৰেনাৰছ ট্ৰিবিউনেল কোৰ্টত আৱেদন কৰিব পাৰিব বুলি ঘোষণা কৰা হৈছিল যদিও আজিলৈকে স্থাপন নহ’ল আদালত । যাৰ বাবে আজি পৰ্যন্ত নিজৰ নাগৰিকত্ব অধিকাৰ প্ৰতিপন্ন কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই এই সকল খিলঞ্জীয়াই ৷

চন্দ্ৰ সৰকাৰৰ পৰিয়ালটোৰ 1956 চনৰ নথিৰ লগতে আছে 1966 আৰু 1970 চনৰ ভোটাৰ তালিকা ৷ কিন্তু তৎস্বতেও তালিকাত নাম সন্নিৱিষ্ট নোহোৱাত এতিয়া ভয় আৰু শংকাত জীৱন-নিৰ্বাহ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ ৷

NRC ৰ চূড়ান্ত তালিকাত নাম নথকা খিলঞ্জীয়া
উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নিতকৰণৰ তালিকাত নাম সন্নিৱিষ্ট নোহোৱা সৰকাৰ পৰিয়ালয়েই একমাত্ৰ পৰিয়াল নহয় ।অসমৰ হাজাৰ-হাজাৰ পৰিয়ালৰো একেই দশা ৷

এতিয়া প্ৰশ্ন, কি ব্যৱস্থা আৰু উপায় গ্ৰহণ কৰিব চৰকাৰে ? নে এজাক বিদেশী খেদাৰ নামত এমুঠি খিলঞ্জীয়াই চিৰদিনৰ বাবে এতিয়া নিজৰ কপালত বহন কৰিব লাগিব বিদেশীৰ বোজা ?

লগতে চাওক-অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব উত্তৰ পূৱৰ আটাইকেইটা ৰন্ধন গেছ প্ৰকল্প

ABOUT THE AUTHOR

...view details