অসম

assam

ETV Bharat / city

বহিঃ ৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বিৰুদ্ধে সৰৱ প্ৰাথমিক টেট শিক্ষক সন্থা - গৌৰি সাগৰ

সকলো টেট উত্তীৰ্ণ শিক্ষকক নিযুক্তি দিয়াৰ দাবীত গৌৰী সাগৰত এখন সংবাদ মেল সম্বোধন কৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সন্থাই ৷ দীৰ্ঘ দিন ধৰি চৰকাৰে চাকৰি নিয়মীয়া নকৰাত ক্ষুদ্ধ হৈ পৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সকল ৷

LP TET TEACHER PRESS MEET AT AAMGURI
বহিঃ ৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বিৰুদ্ধে সৰৱ প্ৰাথমিক টেট শিক্ষক সন্থা

By

Published : Aug 25, 2020, 6:26 PM IST

আমগুৰি,25 আগষ্টঃ ২০১৯ চনৰ অসম প্ৰাথমিক টেটউত্তীৰ্ণ শিক্ষক সকলে মঙলবাৰে গৌৰী সাগৰত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত টেট উত্তীৰ্ণ সন্থাই অতিশীঘ্ৰে নতুন বিজ্ঞাপন দি চৰকাৰে সকলো টেট উত্তীৰ্ণ শিক্ষকক নিযুক্তি দিবলৈ দাবী জনাইছে ।

বহিঃ ৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বিৰুদ্ধে সৰৱ প্ৰাথমিক টেট শিক্ষক সন্থা

তাৰোপৰি, সংগঠনটোৱে দাবী জনাই যে, ২০১৮ চনৰ এটা পুৰণি বিজ্ঞাপনৰ জৰিয়তে কেৱল কিছু সংখ্যক শিক্ষকক চৰকাৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে । উক্ত ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সকল ৷ অতি শীঘ্ৰে চৰকাৰে পুনৰ নতুন বিজ্ঞাপন দি থাকি যোৱা টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলক নিযুক্তি দিবলৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে সংগঠনটোৰ বিষয়ববীয়া সকলে ।

ইফালে সংগঠনটোৱে চি টেটৰ জৰিয়তে বহিঃ ৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি পোৱাত ক্ষোভ প্ৰকাশ কৰি তেওঁলোকক বাতিল কৰিবলৈ আহ্বান জনাইছে টেট উত্তীৰ্ণ শিক্ষক সকলে । শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চি টেট প্ৰাৰ্থী সকলতকৈ অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিবলৈ দাৱী জনাই টেট শিক্ষক সকলে ।

লগতে পঢ়ক- বকোৰ লাম্পীত পুনৰ উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details