অসম

assam

ETV Bharat / city

লোহা চুৰিকাৰ্য : ডিমৌত উত্তপ্ত পৰিস্থিতি

ডিমৌ গড়কাপ্তানী গ্ৰাম্য পথ সংমণ্ডলৰ অধীনৰ বৰবামত দিৰৈ নদীৰ ওপৰত নিৰ্মীয়মান পকী দলঙৰ লোহা চুৰি কৰি হাতে - লোটে ধৰা পৰে পিতাম্বৰ মহন বৰুৱা নামৰ এজন লোক ৷ সোমবাৰে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পাছতে উক্ত ঠাইত আৰক্ষী উপস্থিত হৈ লোহাখিনি উদ্ধাৰ কৰে ৷

লোহা চুৰিকাৰ্য : ডিমৌত উত্তপ্ত পৰিস্থিতি

By

Published : Jun 4, 2019, 2:56 PM IST

ডিমৌ, 4 জুন : ডিমৌত দিনক দিনে বৃদ্ধি পাই অহা লোহা চুৰি ঘটনাৰ মাজতে শনিবাৰে মহখুটি বৰবামত পুনৰ সংঘটিত হৈছে এনে এক কাণ্ড ৷ ডিমৌ গড়কাপ্তানী গ্ৰাম্য পথ সংমণ্ডলৰ অধীনৰ বৰবামত দিৰৈ নদীৰ ওপৰত নিৰ্মীয়মান পকী দলঙৰ লোহা চুৰি কৰি হাতে - লোটে ধৰা পৰে ঠিকাদাৰে নিয়োগ কৰা এজন চকীদাৰ । ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত সম্ভৱ হৈ উঠা বৰবাম - মহখুটি সংযোগী এই দলঙখন নিৰ্মাণৰ বাবে মজুত ৰখা লোহাৰ উপৰি চিমেন্টকে ধৰি বহু সা-সামগ্ৰী চুৰি কৰি আহিছিল চকীদাৰ পিতাম্বৰ মহন বৰুৱাই ৷ সোমবাৰে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়া অনুসৰি পিতাম্বৰে প্ৰায় ২০/৩০ কুইন্টল লোহা আত্মীয়ৰ ঘৰত লুকুৱাই ৰাখিছে ৷

লোহা চুৰিকাৰ্য : ডিমৌত উত্তপ্ত পৰিস্থিতি

ইয়াৰ পাছতে আৰক্ষী উক্ত ঠাইত উপস্থিত হৈ লোহাখিনি উদ্ধাৰ কৰে যদিও ৰাইজৰ ভয়ত ঘটনাস্থলীৰ পৰা পলায়ন কৰে পিতাম্বৰে ৷ ৰক্ষকেই ভক্ষক হৈ পৰা পিতাম্বৰ মহন বৰুৱাক শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনাইছে বৰবাম - মহখুটিৰ গাওঁবাসীয়ে ।

ABOUT THE AUTHOR

...view details