শিৱসাগৰ, 16 নবেম্বৰ :এক বিশ্বাসহীন পৰিৱেশৰ মাজত চলিছে নেকি ৰাজ্যৰ ৰাজনীতি ? শেহতীয়াকৈ, চাহৰ দোকানৰ আড্ডাৰ পৰা ৰাজনৈতিকভাৱে সচেতন মহলৰ গভীৰ আলোচনালৈকে এই প্ৰশ্নই থিতাপি লৈছে ৷ মন্ত্ৰী-বিধায়কে দল সলোৱাৰ ঘটনা অসমৰ ৰাজনীতিত নতুন নহয় যদিও, মূলত 2021 চনৰ বিধান সভা নিৰ্বাচনৰে পৰা নেতাই দল-সলনি কৰি ভিন্ন আদৰ্শৰ পোচাক পিন্ধাৰ দৃশ্য এতিয়া যেন তেনেই সহজ লভ্য ৷
ইয়াৰ ভিতৰত সৰ্বাধিক আলোচিত হৈছে কংগ্ৰেছৰ বিধায়কে বিজেপিত যোগদান কৰাৰ প্ৰসংগ ৷ বাৰে বাৰে কংগ্ৰেছৰ বিধায়কে বিজেপিত যোগদান কৰাৰ সময়ত এনেই ব্যতিব্যস্ত হৈ পৰা দলটোক যেন জোকাই ল’বলৈ কোনো সুযোগ এৰা নাই বিজেপি নেতা সকলেও ৷ কি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সকলোৰে মুখত কংগ্ৰেছৰ বিধায়ক তেওঁলোকৰ সৈতে যোগাযোগত থকাৰ প্ৰসংগ ৷
ৰাজ্যত চলি থকা পোচাক সলোৱা ৰাজনীতিৰ শেষ ক’ত ? এনে সময়তে, এই অভিযোগৰ বিৰুদ্ধে সৰৱ স্থিতি গ্ৰহণ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ বিশেষকৈ তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাৰ সম্ভাব্য বিজেপি গমনৰ খবৰে কংগ্ৰেছ দলক ব্যতিব্যস্ত কৰাৰ সময়তে দেৱব্ৰত শইকীয়াই কৰিলে বিশেষ মন্তব্য ৷ মূলত এয়া বিজেপিৰ অপপ্ৰচাৰ বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই । আনহাতে, বিজেপি দলৰ বিধায়কে মুম্বাইত গৈ লোৱা প্ৰশিক্ষণ সম্পৰ্কতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেৱব্ৰত শইকীয়াই ।
মুঠৰ ওপৰত সমস্যা জৰ্জৰিত ৰাজ্যখনৰ কোটি কোটি জনতাই সংকত মোচনৰ বাবে দায়িত্ব দি বিধানসভালৈ প্ৰেৰণ কৰা বিধায়ক সকলে এতিয়া দল সলনি কৰি ক্ষমতাৰ বলত বলীয়ান হ’বলৈ কৰা প্ৰচেষ্টাত ব্যতিব্যস্ত হৈছে ৰাইজ ৷ মূল্যবৃদ্ধিয়ে মাধমাৰ সোধোৱা ৰাইজক পৰিত্ৰাণ দিয়াৰ সলনি চৰকাৰো যেন বিধায়কৰ সংখ্যা বঢ়োৱাতহে অধিক আগ্ৰহী হৈ পৰিছে ৷ অৱশ্য, পোচাক সলোৱা এই ৰাজনীতি ৰাজ্যত কিমান দিনলৈ চলিব সেয়া হ’ব লক্ষণীয় ৷
লগতে পঢ়ক :কিয় টুপী-কুৰ্টা পিন্ধে আমিনুল ইছালামে ?