শিৱসাগৰ, 6 জুলাইঃপর্যটকৰ বাবে মুকলি হ'ল শিৱসাগৰৰ ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ ৷ এতিয়াৰে পৰা চৰকাৰে ঘোষণা কৰা লক-ডাউনৰ নীতি নিৰ্দেশনা মানি পৰ্যটকে দৰ্শণ কৰিব পাৰিব ঐতিহাসিক ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ ৷
দীৰ্ঘ দিনৰ অন্তত কৰ'ণাতংকৰ মাজতে পৰ্যটক সকলৰ বাবে আহিছে এটা ভাল খবৰ । সোমবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ল শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ, কাৰেংঘৰ তলাতল ঘৰকে আদি কৰি ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ । সোমবাৰৰ পৰা এই সমূহ স্থলীলৈ আহিব পাৰিব পৰ্যটক সকল । কিন্তু সমান্তৰালকৈ পৰ্যটন স্থলীসমূহ পৰিদৰ্শণ কৰোতে মানি চলিব লাগিব বিশেষ নীতি-নিয়ম । ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ পৰা পৰ্যটক সকলৰ বাবে জাৰি কৰিছে কেতবোক নীতি নিৰ্দেশনা ৷ তাৰোপৰি পৰ্যটক সকলে অন লাইন যোগে টিকট সংগ্ৰহ কৰিহে উক্ত স্থান সমূহ পৰিদৰ্শন কৰিব পাৰিব বুলি বিভাগটোৰ কৰ্মচাৰী সকলে উল্লেখ কৰিছে ৷