শিৱসাগৰ, 11 ডিচেম্বৰ : শিৱসাগৰ জিলা সাহিত্য সভা(Initiative of Sibsagar Sahitya Sabha)আৰু জিলা বাতৰি কাকত বিতৰক সন্থাৰ উদ্যোগত শুকুৰবাৰে হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ 186 বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰা হয়(186th birth anniversary of Hemchandra Barua to be held) ।
এই অনুষ্ঠানত হেমচন্দ্ৰ বৰুৱাৰ পিতৃ ভিঠা আমোলাপট্টিত বৰুৱা বংশৰ উত্তৰসুৰী তথা অসমীয়া প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই "অসমীয়া ভাষাৰ ওজা" নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱাৰ এটি প্ৰতিমূৰ্তিৰ শিলা ন্যাস কৰে ৷ ইয়াৰ পাচতে শিৱসাগৰৰ যুৱদলত জন্ম জয়ন্তীৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয় । এই অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰে সাহিত্যিক ড৹ বসন্ত কুমাৰ গোস্বামীয়ে ৷