অসম

assam

ETV Bharat / city

শিৱসাগৰত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰীয়ে - kashab mahanta visit sivasagar civil hospital

শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ ক’ভিডত মৃত্যুৰ হাৰ হ্ৰাসত গুৰুত্ব ৷ চাহ শ্ৰমিক, মগনীয়া, অঘৰী সকলকে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ৷

শিৱসাগৰত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ স্বাস্থ্যমন্ত্ৰীৰ
শিৱসাগৰত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ স্বাস্থ্যমন্ত্ৰীৰ

By

Published : May 28, 2021, 4:35 PM IST

শিৱসাগৰ, 28 মে': শুকুৰবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । পৰিদৰ্শন কৰি ক’ভিড পৰিস্থিতি বুজ লোৱাৰ লগতে চিকিৎসালয় আৰু স্বাস্থ্যকৰ্মী সকলৰ অভাৱ অভিযোগৰো খতিয়ান লয় মন্ত্ৰী গৰাকীয়ে ।

চিকিৎসালয় পৰিদৰ্শনৰ অন্তত মন্ত্ৰী কেশৱ মহন্তই অন্যান্য ৰোগত আক্ৰান্ত আৰু চিকিৎসালয়ত পলমকৈ ভৰ্তি হোৱা বাবে ক’ভিড আক্ৰান্তৰ মৃত্যু হাৰ অধিক হোৱা বুলি মন্তব্য কৰে । সেয়ে এতিয়াৰে পৰা প্ৰতিগৰাকী ক’ভিড আক্ৰান্তৰ ওপৰত চৰকাৰ-প্ৰশাসনৰ তীক্ষ্ণ দৃষ্টি থাকিব বুলি উল্লেখ কৰে মহন্তই ।

শিৱসাগৰত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ স্বাস্থ্যমন্ত্ৰীৰ

ক’ভিড আক্ৰান্তৰ অন্যান্য ৰোগ থাকিলে তেনে ৰোগৰ চিকিৎসাও যাতে তাৎক্ষণিকভাৱে লাভ কৰে তাৰ ওপৰতো গুৰুত্ব দিয়াৰ পদক্ষেপ হাতত লোৱা বুলি সদৰি কৰে মন্ত্ৰী কেশৱ মহন্তই ।

ইপিনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত চাহ বাগানৰ শ্ৰমিক, পথৰ মগনীয়া, অঘৰী আদি সকলেও যাতে ভেকচিন লাভ কৰে তাৰ বাবে নিদিষ্ট ব্যৱস্থা কাৰ্যক্ষম কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । চিকিৎসালয়খন পৰিদৰ্শন কালত শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ শ্যামন্ত মাধৱ শৰ্মাও উপস্থিত থাকে ।

আনহাতে, চিকিৎসালয়খন পৰিদৰ্শনৰ পিছত শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ত এখন বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে জিলাখনৰ সামগ্ৰিক ক’ভিড পৰিস্থিতি সন্দৰ্ভত প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থা আৰু কাৰ্যাৱলীৰ খতিয়ান লয় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:চৰকাৰলৈ নৰৈ ডেপি নদীৰ গৰাখহনীয়া ৰোধৰ বাবে ওলাই আহিল ৰাইজ

ABOUT THE AUTHOR

...view details