শিৱসাগৰ, ১৩ অক্টোবৰ: শিৱসাগৰ জিলাৰ সৰাগুৰি চাপৰিত ধোৱাচাঙত স্বাস্থ্য বিভাগ ৷ বৃহত্তৰ অঞ্চলটোত এটি উপ-স্বাস্থ্যকেন্দ্ৰ আছে যদিও ভাৰাঘৰতে চলি আছে কেন্দ্ৰটো ৷ ১৯৮৫ চনৰ পৰা চন্দ্ৰেশ্বৰ দাস নামৰ ব্যক্তিজনৰ গৃহতে চলি আছে এই উপ-স্বাস্থ্যকেন্দ্ৰ ৷
সৰাগুৰি চাপৰিত ভাৰাঘৰত চলিছে উপস্বাস্থ্য কেন্দ্ৰ - সৰাগুৰি চাপৰিত স্বাস্থ্য বিভাগৰ অৱহেলা
সৰাগুৰি চাপৰিত স্বাস্থ্য বিভাগৰ অৱহেলা ৷ ভাৰাঘৰতে চলিছে চিকিৎসা সেৱা ৷

ভাৰাঘৰত চলি থকা সৰাগুৰিৰ স্বাস্থ্য উপকেন্দ্ৰটো
আনহাতে চাৰি বছৰ পূৰ্বে স্থায়ীকৈ পকীকৰণ কৰি উপ-স্বাস্থ্যকেন্দ্ৰটো নিৰ্মাণ কৰিছিল যদিও আজিও স্থানান্তৰ নহ'ল । গৌৰীসাগৰ উপস্বাস্থ্য কেন্দ্ৰৰ অধীনৰ সৰাগুৰি উপস্বাস্থ্যকেন্দ্ৰটো স্থানান্তৰ নোহোৱাত স্থানীয় লোকসকল ক্ষোভিত হৈ উঠিছে ।শীঘ্ৰে উপস্বাস্থ্য কেন্দ্ৰটো স্থানান্তৰ কৰিবলৈ দাবী জনাইছে ৰাইজে ।
সৰাগুৰি চাপৰিত জৰাজীৰ্ণ ৰূপত স্বাস্থ্য সেৱা
TAGGED:
সৰাগুৰি উপস্বাস্থ্যকেন্দ্ৰ