শিৱসাগৰ, 8 ছেপ্টেম্বৰ :সম্প্ৰতি ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত এটা পোষ্টক লৈ আলফা স্বাধীনৰ (ULFA) লেফটেনেন্ট নিবাৰণ অসম ওৰফে সাগৰ ইংতিপি ওৰফে অৰুণাভ গগৈৰ ঘৰত উৎকন্ঠাময় পৰিবেশৰ সৃষ্টি হৈছে ৷ ছ’চিয়েল মিডিয়াত দিয়া পোষ্ট অনুসৰি আলফা স্বাধীনৰ লেফটেনেণ্ট নিবাৰণ অসম ওৰফে অৰুণাভ গগৈক এবছৰ আগেয়ে জেনেৰেল পৰেশ অসমৰ নিৰ্দেশত মেজৰ জেনেৰেল নয়ন অসমৰ উপস্থিতিত মৃত্যুদণ্ড দিয়া হৈছে ।
চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত বৰহাট লাকিলী অঞ্চলৰ উচ্চ শিক্ষিত যুৱক অৰুণাভ গগৈ ২০১৮ চনৰ ২৯ ডিচেম্বৰত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ত যোগদান কৰিছিল । তাৰ পাছৰ পৰাই পৰিয়ালৰ লোকৰ লগত সম্পৰ্ক নাই অৰুণাভৰ । শিক্ষক পিতৃ কুমুদ গগৈ আৰু মাতৃ ৰিমঝিম গগৈৰ জ্যেষ্ঠ সন্তান অৰুণাভে স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰা সময়তে আলফা স্বাধীনত যোগদান কৰা এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছিল ।