শিৱসাগৰ, 21 জুনঃশিৱসাগৰত ফেনে ফোটোকাৰে বৃদ্ধি পাইছে দিখৌ নৈৰ জলপৃষ্ঠ ৷ ইতিমধ্যে নৈ খনৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ৷
দেওবাৰে বিয়লি ভাগৰ পৰা বৃদ্ধি পাইছে দিখৌ নৈৰ জলপৃষ্ঠ ৷ বিপদ সীমাৰ এক মিটাৰৰ ওপৰেৰে বৈ আছে নৈ খনৰ পানী ৷ ইতিমধ্যে নৈ খনৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ৷ বাঢনী পানীত ডুব গৈছে বহু লোকৰ ঘৰ দুৱাৰ লগতে উটি গৈছে পুখুৰীৰ মাছ ৷ ৰাইজৰ ঘৰ-দুৱাৰ পানীয়ে বুৰাই পেলোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় লোক সকলৰ ।