নাজিৰা, 23 জুন: নাজিৰাৰ মঠীয়াছিগাৰ আচলাপথাৰ অঞ্চলত সংঘটিত হয় এক অপৰাধজনিত ঘটনা ৷ পিতৃ আৰু পুত্ৰই এজন লোকক ঘৰৰ পৰা উলিয়াই আনি প্ৰহাৰ কৰা কাৰ্যই সম্প্ৰতি অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে (Father son brutally beats up a man at Nazira) ৷
অভিযোগ অনুসৰি, আচলাপথাৰৰ তুলন সন্দিকৈ আৰু দেৱজিৎ সন্দিকৈয়ে (পিতৃ-পুত্ৰ) একেখন গাঁৱৰে বাসিন্দা ৰোহিনী বুঢ়াগোহাঁইৰ নামৰ এজন লোকক ঘৰৰ পৰা আনি উমাকান্ত বুঢ়াগোহাঁই নামৰ আন এজন লোকৰ ঘৰত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৷ ৰোহিনী বুঢ়াগোহাঁইৰ মাতৃয়ে পুত্ৰক বচাবৰ বাবে কাতৰ অনুৰোধ জনোৱাৰ স্বতেও উমাকান্ত বুঢ়াগোহাঁইৰ ঘৰৰ পৰা ৰোহিনী বুঢ়াগোহাঁইক তুলন সন্দিকৈ আৰু দেৱজিৎ সন্দিকৈয়ে চোচৰাই নি পুনৰ তুলন সন্দিকৈৰ ঘৰত প্ৰহাৰ কৰে ।