শিৱসাগৰ, 20 ফেব্ৰুৱাৰী :সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে শুকুৰবাৰৰ পৰা অসমৰ জিলা আৰু মহকুমা সমূহত প্ৰশাসন কৰ্মচাৰীসকলে দুদিনীয়া কৰ্মবিৰতি পালন কৰিছে ৷ প্ৰশাসন কৰ্মচাৰী সকলৰ 10 দফীয়া দাবী চৰকাৰে পূৰণ নকৰা বাবে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সকলেও কৰ্মবিৰতি পালন কৰি জিলা উপায়ুক্তৰ কাৰ্যালয় স্থৱিৰ কৰি তোলে ৷
শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় স্থৱিৰ: প্ৰশাসনিক কৰ্মচাৰীৰ অসহযোগ - 10 দফীয়া দাবী পূৰণ নকৰাৰ বাবে কৰ্মবিৰতি
অসমৰ জিলা আৰু মহকুমা সমূহত প্ৰশাসন কৰ্মচাৰীসকলৰ দুদিনীয়া কৰ্মবিৰতি পালন ৷ 10 দফীয়া দাবী চৰকাৰে পূৰণ নকৰা বাবে এই কৰ্মবিৰতি ৷
নিযুক্তিৰ শিক্ষাগত অৰ্হতা অনুসৰি উপায়ুক্ত কাৰ্যালয়ৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী সকলক গ্ৰেজুৱেট গ্ৰেড পে প্ৰদান কৰা, উপায়ুক্ত কাৰ্যালয়ত অধীক্ষক-মূখ্য সহায়ক-গাণনিক আদি পদৰ সৃষ্টি কৰা, চতুৰ্থ বৰ্গৰ পিয়ন-জাৰিকাৰ আদি পদৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ বৃদ্ধি কৰা, নতুন পেঞ্চন আইন বাতিল কৰি পুৰণি পেঞ্চন আইন পুনৰ প্ৰৱৰ্তন কৰা আদি দহটা দাবী পূৰণ নকৰিলে আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া বিধান সভা নিৰ্বাচনৰ দায়িত্ব জিলা প্ৰশাসন কৰ্মচাৰী সকলে পালন নকৰাৰ হুমকি দিয়ে ৷
লগতে পঢ়ক :আলফাৰ নতুন বিবৃতি পিচতে বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া