অসম

assam

By

Published : Sep 18, 2020, 6:26 PM IST

ETV Bharat / city

অসমৰ বাঁহ শিল্পক বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস এগৰাকী যুৱকৰ

বাঁহ শিল্পৰ যোগেদি স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে শিৱসাগৰ খনামুখ টিপমীয়া গাঁৱৰ এটি পৰিয়ালে ৷ বাঁহ-বেতৰ শিল্প কৰ্মৰ সৈতে জড়িত পিতৃ তোক্ষেশ্বৰ গগৈৰ পদাংক অনুসৰণ কৰি এতিয়া কুটীৰ শিল্পৰ সৈতে জড়িত হৈ পৰিছে পুত্ৰ নিপন গগৈ ।

Emerging youth trying to establish Assam's historic handicraft in the world arena
অসমৰ ঐতিহাসিক বাঁহ শিল্পক বিশ্বদৰবাৰত প্ৰতিষ্ঠাৰ চেষ্টা উদীয়মান যুৱকৰ

আমগুৰি,18 ছেপ্তেম্বৰ :যি সময়ত বিশ্বায়নৰ প্ৰভাৱত নৱ-প্ৰজন্মই আধুনিকতাৰ পিচত দৌৰি পৰম্পৰাগত ৰীতি-নীতি বিসৰ্জন দিবলৈ কুন্ঠাবোধ কৰা নাই, সেই সময়তে নিপন গগৈৰ কুটীৰ শিল্পৰ সৈতে জড়িত পদক্ষেপে বহু নিৱনুৱা যুৱক-যুৱতীৰ বাবে হৈ পৰিছে আৰ্দশস্বৰূপ ৷

অসমৰ বাঁহ শিল্পক বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস এগৰাকী যুৱকৰ

যি সময়ত বিশ্বায়নৰ প্ৰভাৱত নৱ-প্ৰজন্মই আধুনিকতাৰ পিছত দৌৰি পৰম্পৰাগত ৰীতি-নীতিৰ লগতে পৰম্পৰাগত সামগ্ৰী সমুহকো বিসৰ্জন দিবলৈ কুন্ঠাবোধ কৰা নাই ঠিক সেই সময়তে নৱ-প্ৰজন্মৰ যুৱক তোক্ষেশ্বৰ গগৈৰ পুত্ৰ নিপন গগৈ জড়িত হৈ পৰিছে আজুককাৰ দিনৰ পৰা জড়িত হৈ থকা পৰম্পৰাগত বাঁহ বেতৰ শিল্পকৰ্মৰ সৈতে ।

পিতৃ তোক্ষেশ্বৰ গগৈয়ে তাত-শালৰ প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰি আহিছে যদিও বিশ্বায়নৰ ধামখুমিয়াত হেৰাই যাব ধৰা অসমীয়া লোক সংস্কৃতি-পৰম্পৰাক জীয়াই ৰখাৰ প্ৰয়াসেৰে আধুনিক যুগৰ সৈতে ৰিজাই এক নতুনত্ব প্ৰদান কৰি পুত্ৰ নিপন গগৈয়ে বাঁহেৰেই সাজি উলিয়াইছে চকী,মেজ,বিছনা আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে বিভিন্ন আ-অলংকাৰ ৷ কেৱল সেয়াই নহয় বৰ্তমান সময়ত অতিকৈ প্ৰচলিত ডিজিটেল মাধ্যমৰ সুবিধাৰ জৰিয়তে সামগ্ৰী সমূহৰ এখন বজাৰো গঢ়ি তুলিবলৈ সক্ষম হৈছে উদীয়মান যুৱকজনে ৷

ইপিনে নিজা প্ৰচেষ্টাৰে ‘‘নিকো আৰ্ট এণ্ড ক্ৰাফট ইণ্ডাষ্ট্ৰি’’ নামৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানেৰে স্বাৱালম্বী হোৱাৰ লগতে গাঁৱৰে আন কেইবাজনো লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে উদ্যমী যুৱক নিপন গগৈয়ে। বৰ্তমানে উদ্যোগটো পঞ্জীয়নভGক্ত কৰাৰ বাবে যাৱতীয় প্ৰয়োজনীয় কাম-কাজ চলাই আছে যদিও চৰকাৰৰ পৰা সামান্য সাহায্য লাভ কৰিলে উদ্যোগটো বৃহৎ আকাৰ দিয়াৰ লগতে যথেষ্ট সংখ্যক লোকক কৰ্ম-সংস্থাপন দিবলৈ সক্ষম হ’ব বুলিও মত পোষণ কৰে যুৱকজনে ।

লগতে চাওক-ভাৰত-বাংলা সীমান্তত হাহাকাৰ পৰিস্থিতি

ABOUT THE AUTHOR

...view details