অসম

assam

ETV Bharat / city

মহাষ্টমী : শিৱসাগৰত ভক্তৰ ভিৰ হ্ৰাস - শিৱসাগৰত ভক্তৰ ভিৰ হ্ৰাস

শিৱসাগৰৰ ঐতিহাসিক দেৱী দ'লত আনুষ্ঠানিকভাৱে সম্পন্ন নহয় দৌল্লা পৰিয়ালক বলিৰ অংশ দিয়াৰ নিয়ম ৷ প্ৰতিকূল বতৰৰ বাবেই ম্লান পৰিল পূজাৰ উছাহ ৷

DURGA PUJA CELEBRATION AT  SIVASAGAR
মহা অষ্টমীঃ শিৱসাগৰত ভক্তৰ ভিৰ

By

Published : Oct 24, 2020, 1:19 PM IST

শিৱসাগৰ, 24 অক্টোবৰঃ শাৰদীয় দুৰ্গা পূজাৰ আজি মহাষ্টমী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো পালন কৰা হয় শাৰদীয় দুৰ্গাপূজা ৷ কৰ'ণা মহামাৰীৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাক মান্য কৰি শিৱসাগৰত এইবেলি অনুষ্টুপীয়াকৈ উদযাপন কৰে দুৰ্গোৎসৱ ৷ ইফালে প্ৰতিকূল বতৰৰ বাবে ম্লান পৰিল পূজাৰ উছাহ ৷ ইফালে পূজাস্থলীতো বিগত বৰ্ষৰ দৰে এইবেলি ৰাইজৰ ভিৰ কম হোৱা পৰিলক্ষিত হৈছে ।

মহা অষ্টমীঃ শিৱসাগৰত ভক্তৰ ভিৰ

শিৱসাগৰৰ আহোম যুগৰ ঐতিহাসিক দেৱী দ'লটো প্ৰতিকুল বতৰ আৰু কৰ'ণা মহামাৰীৰ প্ৰভাৱ দেখা পোৱা গ'ল। এহাতে চৰকাৰী কঠোৰ নিৰ্দেশনা, আনহাতে ৰাইজৰ শংকা। যাৰ বাবে আহোম যুগত প্ৰতিষ্ঠা হোৱা ঐতিহাসিক শিৱসাগৰৰ দেৱী দ'লত মহা অষ্টমীৰ দিনা দেখা পোৱা গ'ল অন্য এক পৰিবেশ। যি সময়ত বিগত দিনত মহা অষ্টমীত শ শ হাঁহ-ছাগলীৰ বলি উৎসৰ্গা হৈছিল যদিও ভক্তৰ পাতলীয়া ভিৰ আৰু ভক্তিৰ মাজতেই সম্পন্ন হৈছে মা দুৰ্গাৰ পূজা।

আনহাতে, শিৱসাগৰৰ ঐতিহাসিক দেৱী দ'লৰ লগত জড়িত হৈ আছে শতিকা পুৰণি এক সম্প্ৰীতিৰ এনাজৰী। আহোম বৰ ৰজা অম্বিকাৰ দিনত নিৰ্মাণ কৰা এই দ'লৰ মাংগলিক অনুষ্ঠানত ঢাক বজাবৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছিল মুছলমান ধৰ্মাৱলম্বীৰ দৌল্লা পৰিয়ালক। সেই সূত্ৰে দেৱী দলৰ মহা অষ্টমীৰ এক বলিৰ অংশ দৌল্লা পৰিয়ালক প্ৰদান কৰাটো পৰম্পৰাগত ভাৱে পালন কৰি অহা হৈছিল। বিগত সময়টো অব্যাহত আছিল এই পৰম্পৰা। এইবাৰ মহামাৰীৰ সংকটৰ বাবে এই পৰম্পৰা আনুষ্ঠানিক ভাৱে পালন কৰা নহয় যদিও নৱমীৰ দিনা নিয়ম বৰ্তাই ৰাখি দৌল্লা পৰিয়াললৈ দ'ল সমিতিয়ে প্ৰেৰণ কৰিব এক শৰাই।

লগতে পঢ়ক- সম্পূৰ্ণ অসমীয়া সাজৰে পূজাৰ বেদীত দুৰ্গতিনাশিনী

ABOUT THE AUTHOR

...view details