অসম

assam

ETV Bharat / city

শিৱসাগৰৰ ৯৪৮ গৰাকী ছাত্ৰীক স্কুটি প্ৰদান - স্কুটী প্ৰদান

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড৹ বানীকান্ত কাকতি বঁটাৰ অধীনত শিৱসাগৰ জিলাৰ 948 গৰাকী ছাত্ৰীক আজি প্ৰদান কৰা হয় স্কুটী ৷

শিৱসাগৰৰ ৯৪৮ গৰাকী ছাত্ৰীক স্কুটি প্ৰদান
শিৱসাগৰৰ ৯৪৮ গৰাকী ছাত্ৰীক স্কুটি প্ৰদান

By

Published : Jan 3, 2021, 4:12 PM IST

শিৱসাগৰ, 3 জানুৱাৰী :শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতীৰ অধীনত ড° বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠান আজি শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় ।

শিৱসাগৰ জিলাৰ পৰা কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মুঠ ৯৪৯ গৰাকী ছাত্ৰীক স্কুটি বিতৰণ কৰিবলগীয়া আছিল যদিও ইতিমধ্যে এগৰাকী ছাত্ৰীৰ মৃত্যু হোৱাৰ বাবে এতিয়া ৯৪৮ গৰাকী মেধাৱী ছাত্ৰীক এই বিশেষ আঁচনিৰ অধীনত আজি স্কুটি বিতৰণ শুভাৰম্ভ কৰা হয় ।

শিৱসাগৰৰ ৯৪৮ গৰাকী ছাত্ৰীক স্কুটি প্ৰদান

আনহাতে বঁটা প্ৰদানৰ অন্তত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনত পৰ্যায়ক্ৰমে চিকিৎসা কৰ্মী, শিক্ষক, আৰক্ষী আৰু জটিল ৰোগত আক্ৰান্তসকলক ক'ৰণা প্ৰতিষেধক ভাৰত চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ প্ৰদান কৰিব বুলি সা‌ংবাদিকক জানিব দিয়ে । লগতে মন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ নাট্য মন্দিৰৰ সংবৰ্ধনৰ বাবে এক কোটি টকা প্ৰদানৰ ঘোষণা কৰে ।

অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা, বিত্ত, স্বাস্থ্য আৰু লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, সোনাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা উপস্থিত থাকে ।

লগতে পঢ়ক :বৰপেটাত ১৪৩০ ছাত্ৰীক স্কুটী বিতৰণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

ABOUT THE AUTHOR

...view details