অসম

assam

ETV Bharat / city

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত পাঁচটাকৈ ঘোঁৰা - নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ

শিৱসাগৰ জিলাৰ আমগুৰিত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা ৷ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ঘটে পাঁচটাকৈ গৰাকীবিহীন ঘোঁৰাৰ ৷

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত পাঁচটাকৈ ঘোঁৰা
নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত পাঁচটাকৈ ঘোঁৰা

By

Published : Oct 1, 2020, 11:32 AM IST

আমগুৰি, 1 অক্টোবৰ : বৃহস্পতিবাৰে নিশাৰ ভাগত আমগুৰিত সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা ৷ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ঘটে পাঁচটাকৈ ঘোঁৰাৰ ৷ আমগুৰি জংছনৰ 105 নং লেভেল ক্ৰছিঙৰ সমীপত সংঘটিত হয় এই ঘটনা ৷ আমগুৰি নগৰত যোৱা বহুবছৰ ধৰি ঘোঁৰাকেইটাই বিচৰণ কৰি ফুৰিছিল ৷ নগৰখনত এইদৰে ঘুৰি ফুৰা মুঠ 13 টা ঘোঁৰাৰ 5 টাকৈ ঘোঁৰাক ৰে'লে কটাৰ ফলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত পাঁচটাকৈ ঘোঁৰা

জানিব পৰা মতে আমগুৰি চাংমাই গাঁৱৰ এজন ব্যক্তিৰ পোহনীয়া আছিল আটাইকেইটা ঘোঁৰা। প্ৰতিপালন কৰিব নোৱৰাৰ ফলত মুকলিকৈ মেলি দিছিল ঘোঁৰা কেইটাক। বিগত সময়ত আমগুৰি নগৰত ঘোঁৰাকেইটাৰ বাবেই পথত বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছিল । ইফালে যোৱা নিশা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছে 5 টাকৈ ঘোঁৰাক মহটীয়াই কাটি নিয়াৰ এই ঘটনাক স্থানীয় লোকে সহজভাৱে ল'ব পৰা নাই । পথতে থকা ঘোঁৰা সমূহক প্ৰতিপালন অথবা ৰিজাৰ্ভত নি মুকলি কৰি দিবলৈ আমগুৰি প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে ।

লগতে পঢ়ক :অৱশেষত জালত পৰিল দ্বিবন ডেকা

ABOUT THE AUTHOR

...view details