শিৱসাগৰ, 1 নৱেম্বৰ :অসম চিকিৎসা সেৱা সংস্থাই চিকিৎসা সেৱাৰ সৈতে জড়িত তেওঁলোকৰ বিভিন্ন দাবীৰ সন্দৰ্ভত প্ৰতিবাদ অব্যাহত ৰাখিছে । ইয়াৰে অংশ হিচাপে সোমবাৰে অসম চিকিৎসা সেৱা সন্থাৰ শিৱসাগৰ জিলা গোটে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পালন কৰে কৰ্মবিৰতি । চিকিৎসা খণ্ডৰ বৰ্হিবিভাগৰ দায়িত্বত থকা চিকিৎসক-কৰ্মচাৰীসকলে কৰ্মবিৰতিৰ পালনৰ জড়িয়তে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সৈতে জড়িত চিকিৎসক আৰু অন্যান্য কৰ্মচাৰীসকলৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবী উত্থাপন কৰে ।
সন্থাই পদোন্নতি, টাইম স্কেল পদোন্নতি, কেডাৰ পুনৰ পৰ্যালোচনা, দৰমহা গাঁথনিৰ বৈষম্য দূৰ কৰা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে । সন্থাই তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে ধাৰাবাহিকভাবে গ্ৰহণ কৰা আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ দিয়ে ৷