অসম

assam

ETV Bharat / city

ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ কাৰখানা - আগমনি কালডোৱা অঞ্চলৰ মফিদুল ইছলাম

ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত এটা অবৈধ চাৰ্টিফিকেট আৰু ছিল বনোৱা কাৰখানা । ঘটনা সন্দৰ্ভত আপত্তিজনক সামগ্ৰীসহ গ্ৰেপ্তাৰ দুজন ।

ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ কাৰখানা
ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ কাৰখানা

By

Published : Nov 4, 2020, 10:50 AM IST

ধুবুৰী, 4 নৱেম্বৰ :ধুবুৰীৰ ভিন্ন অঞ্চলত আৰক্ষীৰ সফল অভিযানত উৎখাত হ'ল অবৈধ প্ৰমাণ পত্ৰ আৰু ছিলৰ কাৰখানা । গোপনীয়ভাৱে কম্পিউটাৰৰ জৰিয়তে একাংশই চলাইছিল অবৈধ প্ৰমাণ পত্ৰ আৰু অবৈধ ছিলৰ ব্যৱসায় ।

আৰক্ষীৰ অভিযানত জব্দ হোৱা সামগ্ৰীখিনি

ধুবুৰী আৰক্ষীৰ গোপন অভিযানত উৎখাত হয় এইটো অবৈধ প্ৰমাণ পত্ৰ আৰু ছিলৰ কাৰখানা । আৰক্ষীৰ অভিযানত জব্দ লেপটপকে ধৰি প্ৰিণ্টাৰ আৰু বহু পৰিমাণৰ অবৈধ ছিল আৰু বিশেষ প্ৰমাণ পত্ৰৰ লগতে প্ৰমাণ পত্ৰ বনোৱা পেপাৰ । এই চক্ৰৰ সৈতে জড়িত থকা দুজন লোকক আটক কৰি অধিক তথ্য উদঘাটনৰ বাবে জেৰা চলাইছে আৰক্ষীয়ে ।

ঘটনাৰ সৈতে জড়িত থকা ধৃত লোকদুজন

ঘটনা সন্দৰ্ভত আৰক্ষীৰ জালত পৰা লোকদুজন আগমনি কালডোৱা অঞ্চলৰ মফিদুল ইছলাম আৰু ধুবুৰীৰ হালগৰা অঞ্চলৰ ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :নেপাল সেনাৰ সন্মানীয় সেনাপ্ৰধানৰ দায়িত্বত স্থলসেনা প্ৰধান জেন. নাৰাৱানে

ABOUT THE AUTHOR

...view details