অসম

assam

ETV Bharat / city

লক ডাউনঃ শিৱসাগৰত হ্ৰাস পাইছে পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা - সমগ্ৰ বিশ্বৰে পথ দুৰ্ঘটনাৰ ৬ শতাংশ সংঘটিত হয় ভাৰতত

লক ডাউনৰ সময়ছোৱাত ৰাজ্যৰ লগতে শিৱসাগৰ জিলাত হ্ৰাস পাইছে পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৷ জুলাই মাহত শিৱসাগৰত এজনো লোক দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা নাই ৷

জুলাই মাহত এজনো লোক মৃত্যু হোৱা নাই পথ দুৰ্ঘটনাত
লক ডাউনৰ সময়ছোৱাত শিৱসাগৰত হ্ৰাস পাইছে পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা

By

Published : Jul 29, 2020, 5:59 PM IST

শিৱসাগৰ, 29 জুলাই :পৃথিৱীৰ ভিতৰতে সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱা এখন দেশ ভাৰত । ভাৰতত বিশ্বৰ মুঠ যান-বাহনৰ ১ শতাংশ থকাৰ বিপৰীতে সমগ্ৰ বিশ্বৰে পথ দুৰ্ঘটনাৰ ৬ শতাংশ সংঘটিত হয় । প্ৰতি বছৰে ভাৰতত গড়ে ১ লাখ ৩০ হাজাৰ মানুহে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৷ ভাৰতত পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি এই হাৰ হ্ৰাস কৰাৰ বাবে ২০১৫ চনত ভাৰত চৰকাৰে ব্ৰাজিলিয়া ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছিল । সেই অনুসৰি প্ৰতি বছৰে ভাৰতে পথ দুৰ্ঘটনাৰ হাৰ চলিত হাৰৰ আধা কৰাৰ পণ লৈছিল । কিন্তু এই পণ বাস্তৱত ৰূপায়িত নহ'ল । এতিয়াও প্ৰতি বছৰে ভাৰতত পথ দুৰ্ঘটনাত লাখ লাখ লোকৰ মৃত্যু হৈ আছে ৷

লক ডাউনৰ সময়ছোৱাত শিৱসাগৰত হ্ৰাস পাইছে পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা

২০১৬ চনত ১,৫০,৭৮৫ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ বিপৰীতে ২০১৭ চনত মৃত্যু হৈছিল ১,৪৭,৯১৩ জন লোকৰ । আনহাতে, ২০১৮ চনত ১,৫১,০০০ লৈ বৃদ্ধি পাইছিল মৃত্যুৰ সংখ্যা । বছৰি এইদৰে সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱা ৬০ শতাংশ লোক ১৮ বছৰৰ পৰা ৬৫ বছৰৰ ভিতৰত । আনহাতে,এনে দুৰ্ঘটনা সমূহৰ বাবে ভাৰতৰ প্ৰায় ৩ শতাংশ ঘৰুৱা উৎপাদনৰ হাৰ লোকচান হয় ৷

ভাৰতৰ লগতে অসমতো ক্ৰমাৎ পথ দুৰ্ঘটনা আৰু ইয়াৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ ২০১৬ চনত পথ দুৰ্ঘটনাৰ ফলত ২,৫৭০ জন লোক নিহত হোৱাৰ বিপৰীতে ২০১৭ চনত মৃত্যু হয় ২,৭৮০ জন লোকৰ । আনহাতে, ২০১৮ চনত এই সংখ্যা বৃদ্ধি পাই ২,৯৭০ জন হয়গৈ । সমগ্ৰ দেশত দুৰ্ঘটনাই বৃহৎ বহু লোকৰ প্ৰাণ কাঢ়ি নিলেও হঠাৎ কৰ'ণা ভাইৰাছৰ আতংক আৰম্ভ হোৱাৰ পিচত ব্যাপক হাৰত হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ ঘটনা ৷ শিৱসাগৰ জিলাক কেন্দ্ৰ কৰি চলোৱা এক পৰিসংখ্যাই এই তথ্য পোহৰলৈ আনিছে । ক'ভিড-১৯ ৰোগৰ বাবে চৰকাৰে জাৰি কৰা লক ডাউন আৰু আন আন বাধা নিষেধৰ ফলত ৰাজপথত যান-বাহনৰ চলাচল হ্ৰাস পাইছে, একেদৰে হ্ৰাস পাইছে পথ দুৰ্ঘটনা আৰু মৃত্যুৰ সংখ্যা ।

বিগত বৰ্ষত অৰ্থাৎ ২০১৯ বৰ্ষত শিৱসাগৰ জিলাত ১৫৭ টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে আহত হৈছিল ১৭১ জন লোকৰ । আনহাতে, দুৰ্ঘটনাত মৃত্যু হৈছিল ৮৮ জন লোকৰ । কিন্তু চলিত বছৰত বৰ্তমানলৈকে সংঘটিত হৈছে ৯০ টা পথ দুৰ্ঘটনা ৷ ইয়াৰ বিপৰীতে ৭৬ গৰাকী আহত আৰু ১৮ গৰাকী নিহত হৈছে । উল্লেখযোগ্য যে, লক ডাউনৰ সময়ছোৱাত অৰ্থাৎ এপ্ৰিল, মে, জুন আৰু জুলাই মাহত পথ দুৰ্ঘটনাৰ সংখ্যা ব্যাপক পৰিমাণত হ্ৰাস পাইছে । লক ডাউনৰ সময়ছোৱাত জিলাখনত মুঠ ২০ টা দুৰ্ঘটনা সংঘটিত হৈছে । ইয়াৰ ফলত ১২ জন আহত আৰু ৬ জন নিহত হৈছে । এপ্ৰিল মাহত সংঘটিত ৪ টা পথ দুৰ্ঘটনাত মৃত্যু হৈছে 1 জন লোকৰ । সেইদৰে মে' মাহত সংঘটিত ৮ টা পথ দুৰ্ঘটনাত ৪ জন, জুন মাহত সংঘটিত ৭ টা পথ দুৰ্ঘটনাত ১ জন আৰু জুলাই মাহৰ বৰ্তমানলৈ সংঘটিত এটা পথ দুৰ্ঘটনাত এজনৰো মৃত্যু হোৱা নাই । অৰ্থাৎ লক ডাউনৰ বাবে যে পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা কমিছে সেয়া নিশ্চিত ।

পৰিবহণ বিভাগে পথ দূৰ্ঘটনা ৰোধ আৰু হ্ৰাস কৰাৰ বাবে বিভিন্ন ব্যৱস্থাসমূহ হাতত লৈ আহিছে যদিও ৰাইজৰ সজাগতাৰ অভাৱৰ বাবে এতিয়াও বহু পথ দূৰ্ঘটনা সংঘটিত হৈ আছে । অৱশ্যে লক ডাউনত পৰিবহণ বিভাগে কেতবোৰ গুৰুত্বপূৰ্ণ দূৰ্ঘটনা ৰোধৰ ব্যৱস্থা হাতত ল'ব পৰা নাই । লক ডাউনৰ সময়ছোৱাত যে কেৱল দূৰ্ঘটনা হ্ৰাস পাইছে এনে নহয় । যান-বাহনৰ চলাচল হ্ৰাস পোৱাৰ ফলত প্ৰদূষণো বহু পৰিমাণে হ্ৰাস পাইছে । ফলত জনসাধাৰণৰ স্বাস্থ্য বহু পৰিমাণে উন্নত হৈছে । অৱশ্যে এনে সময়ত ৰাইজক কিছু সচেতন আৰু সজাগ হোৱা দেখা গৈছে । এইয়া এক ভাল লক্ষণ ।

লগতে পঢ়ক :ৰংপুৰ : য'ৰ পৰা আৰম্ভ হৈছিল বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া

For All Latest Updates

ABOUT THE AUTHOR

...view details