শিৱসাগৰ, 8 আগষ্ট :ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সমান্তৰালভাৱে ৰাজ্যত ভেকচিন প্ৰদান কৰা হৈছে ৷ তথাপিও কিন্তু ক’ভিডত নিতৌ ৰাজ্যত আক্ৰান্ত হ’বলৈ ধৰিছে বহুলোক ৷ শনিবাৰে 11.30 বজাত দিলীপ গগৈ নামৰ ব্যক্তিজনক জয়সাগৰ স্থিত শিৱসাৰৰ অসামৰিক চিকিৎসালয়ৰ ক’ভিড চেন্টাৰত ভৰ্তি কৰোৱা হৈছিল । কিন্তু উচিত চিকিৎসাৰ অভাৱত বিয়লি 4.20 বজাত মৃত্যুক আঁকোৱালি ল’ব লগা হয় ৰোগীজনে ।
ক’ভিড চেন্টাৰত চিকিৎসাধীন হৈ থকা ৰোগীৰ বিস্ফোৰক অভিযোগ । ক’ভিড চেন্টাৰত সময় মতে চাফ-চিকুণ নকৰাৰ লগতে বেপাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াৰ উপৰি ক’ভিড কেয়াৰ চেন্টাৰত খোৱা পানীৰো সু ব্যৱস্থা নথকাৰ অভিযোগো উত্থাপিত হৈছে । ইপিনে এটা পানীৰ বটল আৰু ORS ৰ পেকেটৰ বাবদ ভৰিব লগা হয় অত্যাধিক মূল্য ।