অসম

assam

আজানপীৰ দৰগাহত ব্যাপক অনিয়ম আৰু লুণ্ঠন

চৰকাৰী ধনৰ হৰলুকিৰ অভিযোগ ৷ চি এম ভিজিলেঞ্চৰ তদন্তৰ দাবী ৷

By

Published : Oct 13, 2019, 1:41 PM IST

Published : Oct 13, 2019, 1:41 PM IST

আজানপীৰ দৰগাহ পৰিদৰ্শনৰ সময়ত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা

আমগুৰি,১৩ অক্টোবৰ: ঐতিহাসিক ধৰ্মীয় পীঠস্থান আজানপীৰ দৰগাহত যোৱা ১৫ বছৰে ব্যাপক অনিয়ম আৰু লুণ্ঠন সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয় ৰাইজে দৰগাহস্থলীত সুদীৰ্ঘ বছৰধৰি চৰকাৰী পুঁজিৰ অপচয় আৰু দান বৰঙণি টকাৰ হৰলুকি হোৱাৰ অভিযোগ আনিছে ।

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই দৰগাহস্থলী পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ লগত মতবিনিময় কৰাৰ লগতে শীঘ্ৰে তদন্তৰ দাবী জনায় । বিধায়কগৰাকীয়ে চৰকাৰী পুঁজিৰ অপচয় আৰু দান বৰঙণিৰ টকাৰ হৰলুকি হোৱাৰ অভিযোগ আনি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ লগতে চি এম ভিজিলেঞ্চৰো তদন্ত বিচাৰে ৷

উল্লেখ্য যে, আজানপীৰ দৰগাহত চুৰিকাণ্ডই পাঁচদিন অতিক্ৰম কৰাৰ পাচতো অপৰাধীক গ্ৰেপ্তাৰত ব্যৰ্থ হৈছে শিৱসাগৰ জিলা প্ৰশাসন । এইক্ষেত্ৰত বিধায়ক হাজৰিকাই তাৎক্ষণিকভাৱে জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰি তদন্তৰ দাবী জনায় ।

আজানপীৰ দৰগাহত অনিয়ম সন্দৰ্ভত তদন্তৰ দাবী বিধায়ক প্ৰদীপ হাজৰিকাৰ

ABOUT THE AUTHOR

...view details