অসম

assam

ETV Bharat / city

আমগুৰিত 6 বছৰে সম্পূৰ্ণ নহ'ল চৰকাৰী গৃহ নিৰ্মাণৰ কাম - চাপৰি গাঁও পঞ্চায়ত

আমগুৰিত যোৱা ৬টা বছৰেও সম্পূৰ্ণ নহ'ল দৰিদ্ৰ লোকৰ বাবে অহা ইন্দিৰা আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম ৷ ফলত ৰদ বতাহ বৰষুণৰ মাজতেই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ভুক্তভোগী পৰিয়ালটোৱে ৷

Construction of government houses not completed 6 years in Amguri
আমগুৰিত 6 বছৰে সম্পূৰ্ণ নহ'ল চৰকাৰী গৃহ নিৰ্মাণৰ কাম

By

Published : Jun 29, 2021, 10:41 AM IST

আমগুৰি, ২৯ জুন :ৰাজ্যৰ প্ৰায়বোৰ জিলাতে বাট পথ নিৰ্মানতে হওক, চৰকাৰী আঁচনি, পানী যোগান ব্যৱস্থা, চৰকাৰী গৃহ নিৰ্মাণতে আদি বিভিন্ন দিশত ব্যাপক দুৰ্নীতি সংঘটিত হৈ আছে ৷ দৈনিক ইয়াৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰা খবৰ বিভিন্ন বাতৰি কাকতে হওঁক বা সংবাদমাধ্যমত প্ৰকাশ পাই আহিছে ৷ তেনে সময়তে শিলসাগৰ জিলা আমগুৰিটো অনুৰূপ ঘটনা এটা পোহৰলৈ আহিছে ৷

আমগুৰিত ইন্দিৰা আৱাস যোজনাৰ আঁচনিৰ অধীনৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে ৷ আমগুৰিৰ লালিম চাপৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা দৰিদ্ৰ পৰিয়ালে লাভ কৰা এটা চৰকাৰী আৱাস গৃহ ৷ কিন্তু বিগত ৬ টা বছৰ অতিক্ৰম কৰিলে যদিও আজিও সম্পূৰ্ণ নহল আৱাস গৃহটোৰ নিৰ্মাণৰ কাম ৷ এই অভিযোগ উঠিছে পঞ্চায়তখনৰ বৰ্তমানৰ সভাপতি শশাংক গগৈৰ বিৰুদ্ধে ৷ সভাপতি গৰাকীয়ে আৱাস গৃহ নিৰ্মাণত হেমাহি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী দৰিদ্ৰ পৰিয়ালটোৱে ৷

আমগুৰিত 6 বছৰে সম্পূৰ্ণ নহ'ল চৰকাৰী গৃহ নিৰ্মাণৰ কাম

উল্লেখ্য যে, চাপৰি গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ নিবাসী তথা বিধবা মহিলা কমলা গগৈয়ে যোৱা ২০১৬ চনতে লাভ কৰিছিল এটা চৰকাৰী আৱাস গৃহ ৷ কিন্তু বছৰ বছৰ ধৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাত দৰিদ্ৰ মহিলা গৰাকীৰ পৰিয়ালটোৱে জলা কলা খাবলগীয়া হৈছে ।

আৱাস গৃহটি যোৱা ছটা বছৰে সম্পূৰ্ণ নোহোৱাত গৃহ নিৰ্মাণত ব্যৱহৃত কাঠৰ সামগ্ৰীসমূহ গেলি পচি নষ্ট হ'বলৈ আৰম্ভ কৰিছে । অকল সেয়াই নহয় বৰষুণ দিলেই পৰিয়ালটোৰ বিচনাত পৰে পানী ৷ তাৰোপৰি থকা খোৱা বোৱাৰ সকলো দিশতে সমস্যাৰে ভাৰাক্ৰান্ত হৈছে পৰিয়ালটো ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি পঞ্চায়ত সভাপতি গৰকীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ অতি শীঘ্ৰেই আৱাসগৃহতো পঞ্চায়তৰ সভাপতিক নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে দৰিদ্ৰ পৰিয়ালটোৱে ।

ইফালে পঞ্চায়তৰ সভাপতিৰ গৰাকীৰ এনে কাৰ্যক স্থানীয় লোকসকলে ক্ষোভ ব্যক্ত কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক উচিত বিচাৰ কৰিবলৈ আহ্বান জনাইছে ৰাইজে ।

লগতে পঢ়ক-কলগাছিয়াৰ বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা ৰাইজৰ

ABOUT THE AUTHOR

...view details