আমগুৰি, ৭ জুন : বাঘজান বাগিচাত নিশা দুৰ্বৃত্তৰ তাণ্ডৱ ৷ নিৰ্মীয়মান অৱস্থাত থকা আৰ চি চি নলাৰ পকী দেৱাল ভাঙিলে দুৰ্বৃত্তই ৷ শিৱসাগৰ জিলাৰ আমগুৰি বাঘজান বাগিচাত নিশা অচিনাক্ত দুৰ্বৃত্তই আৰ চি চি নলাৰ পকী ৱাল ভাঙি চুৰমাৰ কৰি তাণ্ডৱ চলোৱা এই কাৰ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ৰাজনৈতিক চক্ৰান্তত বিজেপিৰ বিৰোধীপক্ষই এনে কাৰ্য কৰাৰ অভিযোগ উত্থাপিত হৈছে । চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত বৰবাম পঞ্চায়তে ২.৩০ লাখ টকীয়া আৰচিচি ড্ৰেইনৰ পকী দেৱাল নিৰ্মাণ কৰি থকা অৱস্থাতে নিশা অচিনাক্ত দুৰ্বৃত্তই পকীদেৱালৰ দুয়ো অংশ সম্পূৰ্ণৰূপে ভাঙি পেলায় ।
বাঘজান বাগিচাত আৰ চি চি ড্ৰেইনৰ পকী দেৱাল ভাঙিলে দুৰ্বৃত্তই - অচিনাক্ত দুৰ্বৃত্তই
বাঘজান বাগিচাত নিশা দুৰ্বৃত্তই ভাঙিলে আৰ চি চি ড্ৰেইনৰ পকী দেৱাল ৷ ৰাজনৈতিক চক্ৰান্তত বিজেপিৰ বিৰোধীপক্ষই এনে কাৰ্য কৰাৰ অভিযোগ ৷
আৰ চি চি নলাৰ পকী দেৱাল ভাঙিলে দুৰ্বৃত্তই
পঞ্চায়তৰ অধীনৰ উন্নয়নমূলক আঁচনি এনেদৰে দুৰ্বৃত্তই ভাঙি পেলোৱাত নিৰ্মাণকাৰ্যত নিয়োজিত স্থানীয় ব্যক্তি বীৰেন গোৱালাই আমগুৰি খণ্ড উন্নয়ন বিষয়াক অৱগত কৰে ৷ ইপিনে এই ঘটনা সন্দৰ্ভত স্থানীয় হালোৱাটিং আৰক্ষীক এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৩ জুনতো দুৰ্বৃত্তই পকী দেৱালৰ বৃহৎ অংশ ভাঙি তাণ্ডৱ চলাইছিল ।
লগতে পঢ়ক - প্ৰতিকূল বতৰৰ বাবে পঞ্চম দিনাও নিৰুদ্দিষ্ট AN-32 বিমান উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি