আমগুৰি,27 জানুৱাৰী : বিগত চাৰি-পাচ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল অঞ্চলটোৰ বহু যুৱক-যুৱতী ৷ পিছে ইমান দিনে সামাজিক স্বীকৃতি লাভৰ পৰা বঞ্চিত হৈ আহিছিল এইসকল যুৱক-যুৱতীয়ে ৷ অৱশেষত ধৰ্মীয় নিয়ম অনুসৰি হোমযজ্ঞত বহিল এই দহযোৰকৈ দৰা-কইনা (community marriage in sivasagar) । পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে আজীৱন এক লগ হৈ থকাৰ প্ৰতিশ্ৰুতি ল’লে এই সকল যুৱক যুৱতীয়ে ৷
এই বিবাহ অনুষ্ঠানৰ বাবে শিৱসাগৰ জিলাৰ চাৰিং মৌছাল গাঁৱত সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশ (Excitement over community marriage in sivasagar) ৷ চাৰিং মৌছালৰ আকাশত এতিয়া আয়তীৰ উৰুলিৰ ৰাগি৷ বিবাহ মৰ্মে আয়োজন কৰা হৈছে ভোজ-ভাতৰো ৷ আজিৰে পৰা সামাজিক সকলো কাম-কাজতে স্থান পাব এইসকল বিবাহ সম্পন্ন দৰা-কইনাই ৷ আজিৰে পৰা সমাজত থাকিব তেওঁলোকৰ এক সুকীয়া পৰিচয় ৷