মৰাণ, 18 মে': দেশৰ লগতে ৰাজ্যতো অব্যাহত আছে কৰ’ণা সন্ত্ৰাস ৷ কৰ’ণাৰ দ্বিতীয় ঢৌ'য়ে প্ৰাণ কাঢ়িছে শ শ লোকৰ ৷ অসমতো দৈনিক আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক ৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা ৷ তৎপৰ হৈ পৰিছে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে সোমবাৰে ডিমৌৰ পলিটেকনিক ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰি সকলো চেণ্টাৰতে চি চি টিভি কেমেৰা লগোৱাৰ ব্যৱস্থা কৰিছে উপায়ুক্ত বিষ্ণুকমল বৰাই । ডিমৌ ৰাজহ চক্ৰৰ বিষয়া ফিলিছ ৰাংচালৰ সৈতে ৮৮ খন বিচনাযুক্ত ক'ভিড কেয়াৰ কেন্দ্ৰত উপস্থিত হৈ চিকিংসক, নাৰ্চ, চিকিৎসাকৰ্মী আৰু বৰ্তমান ভৰ্তি হৈ থকা ৩১ গৰাকীকৈ ক'ভিডত আক্ৰান্ত ৰোগীৰ সুবিধা-অসুবিধাৰ বুজ লয় উপায়ুক্ত গৰাকীয়ে ।