অসম

assam

ETV Bharat / city

শিৱসাগৰত আছুৰ উদ্যোগত 'কা' বিৰোধী বাইক ৰেলী - শিৱসাগৰ জিলা ছাত্ৰ সন্থা

শিৱসাগৰত পুনৰ 'কা' বিৰোধী আন্দোলন ৷ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এক বাইক ৰেলী বাহিৰ কৰা হয় ৷

শিৱসাগৰত আছুৰ উদ্যোগত 'কা' বিৰোধী বাইক ৰেলী
শিৱসাগৰত আছুৰ উদ্যোগত 'কা' বিৰোধী বাইক ৰেলী

By

Published : Mar 20, 2021, 6:01 PM IST

শিৱসাগৰ,20 মাৰ্চ: শিৱসাগৰত পুনৰ 'কা' বিৰোধী আন্দোলনৰ গুমগুমনি ৷ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এক বাইক ৰেলী বাহিৰ কৰা হয় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সদস্য সমীৰণ ফুকনে 'কা' ৰূপায়ণ কৰা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ দৰে এখন জাতিধ্বংসী আইন ৰূপায়ণ কৰি চৰকাৰে অসম আৰু অসমীয়াৰ অস্তিত্ব বিপন্ন কৰি তুলিছে ৷

শিৱসাগৰত আছুৰ উদ্যোগত 'কা' বিৰোধী বাইক ৰেলী

এনে এখন আইন অসমীয়াৰ পৰিপন্থী ৷ যাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই এই আইনখন বাতিলৰ দাবীত বছৰ ধৰি আন্দোলন অব্যাহত ৰাখিছে ৷ এতিয়া নিৰ্বাচনৰ সময়ত বিজেপি দলৰ অসম বিৰোধী কামসমূহ উদঙাই দিবলৈ পুনৰ 'কা' আন্দোলন জংগী কৰি তুলিছে আছুৱে ৷ শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰি বিভিন্ন 'কা' বিৰোধী শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক:পিতৃৰ হকে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সংঘমিত্ৰা

ABOUT THE AUTHOR

...view details