অসম

assam

ETV Bharat / city

বিদ্যালয়ৰ প্ৰতিষ্ঠাপকৰ সোঁৱৰণিত দুখীয়া ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথি বিতৰণ - আমগুৰি

চামগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় ৱালিউদ্দিন আহমেদৰ সোঁৱৰণিত 30 জনকৈ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ- ছাত্ৰীক বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত হয় ৷ বিশিষ্ট ব্যৱসায়ী গালিব মহম্মদ চামচুজে ব্যক্তিগতভাবে অনুষ্ঠিত কৰে এই অনুষ্ঠানৰ ৷

Book Distribution For Poor Student At Amguri
বিদ্যালয়ৰ প্ৰতিষ্ঠাপকৰ সোঁৱৰণিত দুখীয়া ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি বিতৰণ

By

Published : Jun 27, 2020, 4:13 PM IST

আমগুৰি, ২৭ জুনঃশিৱসাগৰৰ আমগুৰিত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ কৰে ৷ চামগুৰিৰ বিশিষ্ট শিক্ষাবিদ, চামগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় ৱালিউদ্দিন আহমেদৰ সোঁৱৰণিত দুখীয়া ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথি বিতৰণ কৰে সমাজকৰ্মী তথা বিশিষ্ট ব্যৱসায়ী গালিব মহম্মদ চামচুজ জামানে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আমগুৰিৰ চামগুৰিত ব্যৱসায়ী গালিব মহম্মদ চামচুজ জামানে (দাদু) নিজা বাসগৃহত বিনামূলীয়াকৈ কিতাপ বিতৰণ কৰে ৷ লগতে একোখনকৈ ফুলাম গামোচাৰে ছাত্ৰ-ছাত্ৰী সকলক সম্ভাষণ জনায় জামানৰ পৰিয়ালটোৱে ৷ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত উৎসাহ জনোৱাৰ উদ্দেশ্যেই এই অনুষ্ঠানটোৰ আয়োজন কৰিছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে চামচুজ জামানে । অনুষ্ঠানত ৩০ জনকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ কিতাপ পত্ৰৰ যোগান ধৰে জামানে ।

বিদ্যালয়ৰ প্ৰতিষ্ঠাপকৰ সোঁৱৰণিত দুখীয়া ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি বিতৰণ

উক্ত অনুষ্ঠানটিত নীলাক্ষি মেম'ৰিয়েল একাডেমিৰ অধ্যক্ষ ধৰ্মৰঞ্জন গগৈ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকা, শিৱসাগৰ জিলাৰ যুটীয়া সম্পাদক সীমান্ত গগৈ, কাৰ্যকৰী সভাপতি পল্লব শইকীয়া উপস্থিত থাকে । উক্ত অনুষ্ঠানতে নিলাক্ষী মেম'ৰিয়েল একাডেমিৰ অধ্যক্ষ ধৰ্মৰঞ্জন গগৈয়ে মাউৎ গাঁৱৰ ঘাটমাউৰা ছাত্ৰী পিংকি তামুলীক বিনামূলীয়াকৈ পঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । নিলাক্ষী মেম'ৰিয়েল একাডেমীৰ অধ্যক্ষৰ এই মানৱীয়তাৰ বাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ধন্যবাদ জ্ঞাপন কৰে । বিশিষ্ট ব্যৱসায়ী গালিব মহম্মদ চামচুজে ব্যক্তিগতভাবে অনুষ্ঠিত কৰা এই পদক্ষেপক বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ধন্যবাদৰ লগতে কৃতজ্ঞতা জনাইছে ৷

লগতে পঢ়ক- স্তব্ধ শিৱসাগৰৰ জীৱন যাত্ৰাঃ লক ডাউনৰ প্ৰভাৱ

ABOUT THE AUTHOR

...view details