অসম

assam

ETV Bharat / city

লুৎফুৰৰ দৰদী কণ্ঠত মোহাচ্ছন্ন অজস্ৰজন - দূষ্টিহীন লুৎফুৰ উপস্থিত হ'ল শিৱসাগৰত

নলবাৰীৰ লুৎফুৰে গীত পৰিৱেশনৰ বাবে উপস্থিত হৈছে শিৱসাগৰত ৷ দৃষ্টিহীন যুৱকজনে নিজ পৰিয়ালক ভৰণ-পোষণ দিয়াৰ বাবে অসমৰ প্ৰতিটো প্ৰান্তত পৰিৱেশন কৰি আহিছে গীত ৷

নাম লুৎফুৰ ৰিয়ান
নলবাৰীৰ এজন অন্ধ গায়ক

By

Published : Nov 29, 2019, 10:50 AM IST

শিৱসাগৰ, 29 নৱেম্বৰ :নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত সোনাপুৰ গাঁৱৰ নিৱাসী 30 বৰ্ষীয় লুৎফুৰ ৰিয়ান আহি উপস্থিত হ'ল শিৱসাগৰত ৷ অসমৰ বহু ঠাইত ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি অসমীয়া বিভিন্ন কালজয়ী গীত পৰিৱেশন কৰি উপাৰ্জনৰ পথ মুকলাইছে লুৎফুৰ ৰিয়ানে ৷ সাত বছৰ বয়সতে বসন্ত ৰোগত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুৱাই পেলোৱা লুৎফুৰে এনেদৰে অসমৰ বিভিন্ন ঠাইত গীত পৰিৱেশন কৰি নিজৰ লগতে পৰিয়ালৰ ভৰণ-পোষণ দি আহিছে ৷

নলবাৰীৰ এজন অন্ধ গায়ক

এযোৰ সাধাৰণ পোছাক পৰিধান কৰাৰ লগতে তেওঁ লগত লৈ ফুৰে এটা ডাঙৰ চাউণ্ড বক্স আৰু মাইক ৷ বাটে ঘাটে ৰৈ হিয়াঢালি গীত গায় লুৎফুৰে ৷ নিজে দৃষ্টিহীন হৈও পৰিয়ালক পোহৰ বিলাবলৈ সক্ষম হোৱা এইজন যুৱকৰ সাহস আৰু মনোবলক একমুখে শলাগ লৈছে অজস্ৰজনে ।

আৰু পঢ়ক : সুৰাৰ ৰাগিত মাতাল শিক্ষকঃ গীত গাই নৃত্য কৰিলে বিদ্যালয়ত

ABOUT THE AUTHOR

...view details