অসম

assam

ETV Bharat / city

প্ৰদীপ হাজৰিকাৰ প্ৰাৰ্থীত্বক লৈ অসন্তুষ্টি আমগুৰি বিজেপি কৰ্মীৰ - মিত্ৰজোঁট

আমগুৰি সমষ্টিত অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাই প্ৰাৰ্থীত্ব লাভ কৰাৰ পাচতে ক্ষোভিত হৈ উঠিছে বিজেপিৰ নেতা-কৰ্মীসকল । আমগুৰিৰ চাৰিঙত শিৱসাগৰ জিলা বিজেপিৰ সম্পাদক প্ৰাঞ্জল কটকীৰ গৃহত দুই শতাধিক বিজেপিৰ নেতা-কৰ্মীৰ প্ৰতিবাদ ।

অসন্তুষ্টি
অসন্তুষ্টি

By

Published : Mar 5, 2021, 9:27 PM IST

আমগুৰি, ৫ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক লৈ অসন্তুষ্ট দলীয় নেতা-কৰ্মীসকল । এইবেলি নিৰ্বাচনত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত পৰিলক্ষিত হৈছে । সমান্তৰালকৈ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিতো প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত পৰিলক্ষিত হয় । আমগুৰি সমষ্টিত পৰাজিত হ'ব প্ৰদীপ হাজৰিকা । অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাই প্ৰাৰ্থীত্ব লাভ কৰাৰ পাচতে ক্ষোভিত হৈ উঠিছে বিজেপিৰ নেতা-কৰ্মীসকল । আমগুৰিৰ চাৰিঙত দেখা গৈছে বিজেপিৰ নেতা কৰ্মীৰ ক্ষোভ ।

প্ৰদীপ হাজৰিকাৰ প্ৰাৰ্থীত্বক লৈ অসন্তুষ্টি আমগুৰি বিজেপি কৰ্মীৰ

প্ৰদীপ হাজৰিকা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ । বন্ধুত্বমূলক ভাৱে প্ৰাৰ্থী দিবলৈ দাবী এইসকল প্ৰতিবাদকাৰীৰ । কোনো কাৰণতে প্ৰদীপ হাজৰিকাৰ প্ৰাৰ্থীত্বক মানি নলয় বিজেপি কৰ্মীয়ে । চাৰিঙত শিৱসাগৰ জিলা বিজেপিৰ সম্পাদক প্ৰাঞ্জল কটকীৰ গৃহত দুই শতাধিক বিজেপিৰ নেতা-কৰ্মী উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । বিগত পাঁচ বছৰে বিজেপিৰ নেতা-কৰ্মীক বঞ্চনা কৰি অহাৰ অভিযোগ প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে । পাঁচ বছৰৰ এদিনো প্ৰদীপ হাজৰিকাই গুৰুত্ব নিদিলে বিজেপিক । আমগুৰি সমষ্টিত বন্ধুত্বমূলক ভাৱে প্ৰাৰ্থী নিদিলে এজনো বিজেপি কৰ্মী দলত নথকাৰ হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক:বিজেপিৰ এশ শতাংশ বিজয় নিশ্চিত: ভূৱন পেগু

ABOUT THE AUTHOR

...view details