অসম

assam

By

Published : Jul 24, 2022, 8:24 AM IST

ETV Bharat / city

Bitupan Changmai in Jail: বৰ্ষাশ্ৰীক সমৰ্থন কৰি বিগত দুমাহে কাৰাগাৰত বিতোপন চাংমাই

ফেচবুকত আপলোড কৰা এটা পোষ্টৰ বাবেই 64 টাকৈ দিন কাৰাগাৰত থকা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই মুকলি আকাশৰ তললৈ অহাৰ পিছতেই চৰ্চালৈ আহিছে আমগুৰিৰ অন্য এজন যুৱকৰ প্ৰসংগ ৷ বৰ্ষাশ্ৰীৰ ফেচবুক কমেণ্টত কথা পতাৰ বাবেই বিগত দুমাহ ধৰি অন্ধকাৰ কাৰাগাৰত আৱদ্ধ হৈ আছে বিতোপন চাংমাই নামৰ যুৱকজন (Bitupan Changmai is in jail) ৷

Bitupan burhagoain is in jail
বৰ্ষাশ্ৰীক সমৰ্থন কৰি বিগত দুমাহে কাৰাগাৰত বিতোপন চাংমাই

আমগুৰি, 24 জুলাই :64 টাকৈ দিন কাৰাৰুদ্ধ জীৱন কটাই ন্যায়ালয়ৰ নিৰ্দেশত শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহে টীয়ক কাৱৈমাৰীৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই(Barshashree released from jail) ৷ নিজৰ ফেচবুকত আপলোড কৰা এটা পোষ্টৰ বাবেই বৰ্ষাশ্ৰীক প্ৰেৰণ কৰা হৈছিল কাৰাগাৰলৈ ৷ কেইদিনমান পূৰ্বে এই বিষয়টো চৰ্চালৈ অহাত বৰ্ষাশ্ৰীৰ সমৰ্থত ওলাই আহে বিভিন্ন দল সংগঠনৰ লগতে ব্যক্তি বিশেষ ৷ ছ’চিয়েল মিডিয়া ভৰি পৰিছিল মেধাৱী ছাত্ৰীগৰাকীৰ মুক্তিৰ দাবীৰে (Demand for free Barshashree) ৷ যাৰবাবে দীৰ্ঘদিনৰ পাছত মুকলি আকাশৰ তললৈ আহে বৰ্ষাশ্ৰী ।

বৰ্ষাশ্ৰীক সমৰ্থন কৰি বিগত দুমাহে কাৰাগাৰত বিতোপন চাংমাই

কিন্তু বৰ্ষাশ্ৰীৰ মুক্তিৰ পাছতেই পোহৰলৈ আহিছে আন এজন যুৱকৰ প্ৰসংগ ৷ নাম বিতোপন চাংমাই(23), ঘৰ আমগুৰি সমষ্টিৰ বালিপথাৰত ৷ বালিপথাৰৰ পুতুল চাংমাইৰ একমাত্ৰ পুত্ৰ বিতোপন চাংমায়ে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ লগত ফেচবুক কমেণ্টত কথা পতাৰ বাবেই গ্ৰেপ্তাৰ হ’বলগীয়া হয় (Bitupan Changmai is in jail)। বৰ্ষাশ্ৰী গ্ৰেপ্তাৰ হোৱা পিছদিনাই আমগুৰি আৰক্ষীয়ে বিতোপন চাংমাইক ঘৰৰ পৰা উঠাই নিয়ে । সোধপোছৰ অন্তত গ্ৰেপ্তাৰ কৰে বিতোপনক (Bitupan Changmai for supporting Barshashree) ৷

বৰ্ষাশ্ৰীক সমৰ্থন কৰি বিগত দুমাহে কাৰাগাৰত বিতোপন চাংমাই

কাৰাবন্দী একমাত্ৰ পুত্ৰৰ অপেক্ষাত বিগত দুমাহে চকুলো বোৱাই আশাৰে বাট চাই আছে বিতোপনৰ পিতৃ-মাতৃয়ে ৷ বৰ্ষাশ্ৰীৰ দৰেই বিতোপনকো মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যুৱকজনৰ অভিভাৱকে । ভৱিষ্যতে সন্তানৰ দায়িত্ব লৈ নিষিদ্ধ ঘোষিত সংগঠনলৈ যাবলৈ নিদিয়াৰ প্ৰতিশ্ৰুতি দিছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ।

লগতে পঢ়ক :Barshashree Buragohain Releases: অন্ধকাৰ কুঠৰীৰ পৰা মুকলি আকাশৰ তললৈ আহিল বৰ্ষাশ্ৰী

ABOUT THE AUTHOR

...view details