আমগুৰি, 9 অক্টোবৰ :ধৰাৰ বুকুত ঋতুৰাণী শৰৎ ৷ শাৰদী ৰাণীৰ উন্মাদনাত জীপাল হোৱা শৰৎ ৷ শেৱালীৰ শুভ্ৰ দলিচাত হাঁহি অঁকা শৰৎ ৷ শৰতৰ আছে এক সুকীয়া মাধুৰ্য ৷ কঁহুৱাৰ কোমল গাঁথাত শাৰদীৰ অমিয়া সুৱাস ৷ শৰতৰ শাৰদীয় জোনাকত অনুভৱী হৈ পৰে সকলোৰে মন প্ৰাণ ৷ অনুভূতিৰ চৌপাশে আদৰি আনে শেৱালীৰ মিঠা সুৱাস ৷ আকাশে হাঁহে জোনাকৰ সতে সন্ধিয়াৰ আকাশৰ ন- সৌন্দৰ্যত বিলীন হৈ পৰে ঋতু ৰাণীৰ আবেগ ৷ শিৱসাগৰৰ আমগুৰিৰ শেৱালী আৰু কঁহুৱাৰ মনোমোহা দৃশ্যৰ সৌন্দৰ্য্যই আপ্লুত কৰিছে সকলোকে ।
সুধাকণ্ঠৰ গীতত কোৱাৰ দৰেই শৰত সচাকৈয়ে শাৰদী ৰাণী ৷ সদ্যস্নাতা ৰূপহী ,অস্তগামী বেলিটিক বিদায় দি সন্ধ্যাই আঁচলত বান্ধি থোৱা জাক জাক জোনাকী ৷ শীতৰ কোমলতাত জোনটিয়ে তৰাবোৰৰ সতে শৰতক আদৰে ৷ কঁহুৱাৰ আছে এক আপ্ৰাণ হেঁপাহ, শৰতৰ এক সুকীয়া আবেগ ৷ আহিনৰ নিয়ৰত প্ৰাণ পাই উঠে মৰহা শেৱালী ৷