অসম

assam

ETV Bharat / city

শিৱসাগৰত বিলুপ্তপ্ৰায় প্ৰজাতিৰ লক্ষ্মী ফেঁচা উদ্ধাৰ - লক্ষ্মী ফেঁচা উদ্ধাৰ

শিৱসাগৰত অতি বিলুপ্তপ্ৰায় প্ৰজাতিৰ ফেঁচা উদ্ধাৰ ৷ শিৱসাগৰ জিলাৰ এজন প্ৰকৃতিপ্ৰেমী যুৱক ৰিতু প্ৰিয়মে পশ্চিম কোঁৱৰপুৰ মৌজাৰ নকটনি গাঁৱত ফেঁচাটো উদ্ধাৰ কৰে ৷

শিৱসাগৰত বিলুপ্তপ্ৰায় প্ৰজাতিৰ লক্ষ্মী ফেঁচা উদ্ধাৰ
শিৱসাগৰত বিলুপ্তপ্ৰায় প্ৰজাতিৰ লক্ষ্মী ফেঁচা উদ্ধাৰ

By

Published : May 23, 2021, 10:30 PM IST

শিৱসাগৰ, 23 মে' :যান্ত্ৰিকতাই মানুহৰ মগজু কংক্ৰিটৰ দৰে কৰি তোলাৰ সময়তে শিৱসাগৰৰ ৰিতু প্ৰিয়মৰ প্ৰশংসনীয় পদক্ষেপ ৷ পশ্চিম কোঁৱৰপুৰ মৌজাৰ নকটনি গাঁৱত বিলুপ্তপ্ৰায় প্ৰজাতিৰ এটা লক্ষ্মী ফেঁচা (BARN OWL) উদ্ধাৰ কৰি ৰিতু প্ৰিয়মে বন বিভাগক অৱগত কৰাৰ লগতে ভৰিত আঘাত পাই থকা ফেঁচাটোক চিকিৎসা প্ৰদান কৰি সুস্থ নোহোৱা পৰ্যন্ত আঘাতপ্ৰাপ্ত ফেঁচাটো নিজৰ তত্বাৱধানত ৰখাৰ কথা সদৰী কৰে ৷

শিৱসাগৰৰ প্ৰকৃতিপ্ৰেমী যুৱকজনে বিগত ৫ বছৰ ধৰি পশু-পক্ষী সংৰক্ষণ আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত নিজকে আত্মনিয়োগ কৰি ৰাখিছে ৷ "কেৱল মানুহ হৈ জীয়াই থাকিব নোৱাৰো, গছৰ বাবে চিন্তা কৰিব লাগিব, পশু পক্ষীৰ বাবে চিন্তা কৰিব লাগিব ৷" বুলি মন্তব্য প্ৰকৃতিপ্ৰেমী যুৱকজনৰ ৷

লগতে পঢ়ক :য়াছৰ বাবে অসমৰ ১২ খনকৈ ৰে’লৰ চলাচল বাতিল

ABOUT THE AUTHOR

...view details