শিৱসাগৰ, 17 নৱেম্বৰ : শিৱসাগৰৰ সুন্দৰপুৰস্থিত প্ৰজ্ঞালয় আৰু আহানা শিশু আৱাস গৃহত বুধবাৰে ৭৫তম স্বতন্ত্ৰতাৰ অমৃত মহোৎসৱৰ অনুষ্ঠিত কৰা হয় । জিলা শিশু গোটৰ উদ্যোগত অনুষ্ঠিত উক্ত কাৰ্যসূচীত শিশুৰ 'বৌদ্ধিক অধিকাৰ আৰু পৰিপুষ্টি' শীৰ্ষক বিষয়ত আৱাসিক শিশু গৃহৰ শিশুসকলক লৈ বিভিন্ন খেলা-ধেমালিৰ লগতে পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শন, দেশভক্তিমূলক গান, শিশুসকলে হাতেৰে নিৰ্মাণ কৰা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু দেশক জনাৰ বিষয়ত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
প্ৰকৃত মানৱ সম্পদ গঢ় দিবলৈ হ'লে শিক্ষাৰ লগত সমান্তৰালভাৱে কলা, সংস্কৃতি আৰু খেলা-ধেমালিৰ গুৰুত্ব আছে । কিন্তু এইয়া তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া এই বিষয়ত ছাত্ৰ-ছাত্ৰী আৰু নতুন প্ৰজন্মৰ একাগ্ৰতা তথা আগ্ৰহ বাঢ়িব । লগতে চৰকাৰ তথা সচেতন নাগৰিকৰ দায়বদ্ধতা এই দিশত সমানে দৰকাৰী । এই দিশসমূহক গুৰুত্ব প্ৰদান কৰি স্বতন্ত্ৰতাৰ অমৃত মহোৎসৱ উপলক্ষে শিশু সকলৰ যত্ন আৰু সুৰক্ষাৰ ওপৰত নিৰৱিচ্ছিন্নভাৱে কাম কৰি থকা সমল ব্যক্তিৰ দ্বাৰা আজিৰ এই অনুষ্ঠান সম্পন্ন হয় ।