শিৱসাগৰ, 15 ছেপ্টেম্বৰ: শিৱসাগৰত বৃহস্পতিবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । আটাছুৰ শিৱসাগৰ জিলা সমিতিয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত এই প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃৰ্তি দাহ কৰে চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে ।
কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে বুধবাৰে ভাৰতৰ বিভিন্ন ৰাজ্যৰ বহুকেইটা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে (Cabinet grants ST status) । কিন্তু বিগত বহুবছৰৰ পৰা জনজাতি মৰ্যদাৰ বাবে দাবী উত্থাপন কৰি অহা অসমৰ আহোম জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আজি পৰ্যন্ত নহ’ল (6 tribes demanding ST in Assam) ৷
যাৰবাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে সংগঠনটোৰ নেতৃবৃন্দ (ST status for several Tribal communities ) ৷ তেওঁলোকে আজি এই দাবীতে শিৱসাগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰখনক কটু ভাষাৰে সমালোচনা কৰে ৷
কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰে হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । তেওঁলোকে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাকো (Union Tribal Affairs Minister Arjun Munda) প্ৰতিবাদস্থলীৰ পৰা তীব্ৰ ভৎসনা কৰে । ইয়াৰ লগতে সমগ্ৰ বিষয় সন্দৰ্ভত অসম চৰকাৰে হেলা কৰি থকাৰ বাবে আগন্তুক দিনত বিজেপি চৰকাৰখনে ইয়াৰ পৰিণাম ভুগিব লাগিব বুলিও সকিয়াই দিয়ে আটাছুৰ শিৱসাগৰ জিলা সমিতিয়ে ।
লগতে পঢ়ক:আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনে