অসম

assam

ETV Bharat / city

শিৱসাগৰত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ - দিহিং-পাটকাই

দিহিং-পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতিৰ বিৰুদ্ধে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সদস্য সকলেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে মুক্ত কয়লা খননৰ অনুমতি দিয়াৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷

ETV BHARAT
শিৱসাগৰত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

By

Published : May 27, 2020, 5:23 PM IST

শিৱসাগৰ, 27 মেঃশিৱসাগৰত চৰকাৰৰ বিৰুদ্ধে জিলা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰে দিহিং-পাটকাইত কয়লা মুক্ত খননৰ অনুমতি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷

শিৱসাগৰত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

দিহিং-পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ অনুমতিৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন দল সংগঠনৰ লগতে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সদস্য সকলেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেন্দ্ৰীয় চৰকাৰে দিহিং-পাটকাইত কয়লা খননৰ বাবে অনুমতি দিছিল ৷ চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰাৰ বিৰুদ্ধে বুধবাৰে জিলা ছাত্ৰ সংগঠনটো সদস্য সকলে জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখনত হাতে হাতে প্লে- কাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে ছাত্ৰ সংগঠনটোৰ নেতা সকলে অনতি পলমে এই সিদ্ধান্ত বাতিল কৰিবলৈ তীব্ৰ হুমকাৰ দিয়াৰ উপৰিও অসমৰ পৰা তৈল ক্ষেত্ৰকে ধৰি অসমৰ সম্পত্তিত হাত নিদিবলৈ চৰকাৰক তীব্ৰ হুমকাৰ দিয়ে ছাত্ৰ সংগঠনটোৰ নেতা সকলে ৷ লগতে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি অতি শীঘ্ৰে মুক্ত কয়লা খননৰ অনুমতি দিয়াৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় ৷ যদি চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰে অনাগত দিনত ছাত্ৰ সংগঠনটোৱে জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়াই দিয়ে ৷

লগতে পঢ়ক- কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত 144 ধাৰা জাৰি

ABOUT THE AUTHOR

...view details