অসম

assam

By

Published : Oct 10, 2020, 10:14 AM IST

ETV Bharat / city

জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠী যৌথমঞ্চৰ অসম বন্ধৰ আহ্বান

কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ কলিতা জনগোষ্ঠী যৌথ মঞ্চ আৰু কলিতা জনগোষ্ঠী যুৱ পৰিষদৰ আহ্বানত আজি গ্ৰহণ কৰা হয় অসম বন্ধৰ কাৰ্যসূচী ৷

জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠী যৌথমঞ্চৰ অসম বন্ধৰ আহ্বান
জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠী যৌথমঞ্চৰ অসম বন্ধৰ আহ্বান

শিৱসাগৰ, 10 অক্টোবৰ :কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ কলিতা জনগোষ্ঠী যৌথ মঞ্চ আৰু কলিতা জনগোষ্ঠী যুৱ পৰিষদৰ আহ্বানত আজি গ্ৰহণ কৰা হয় অসম বন্ধৰ কাৰ্যসূচী ৷ অসম বন্ধৰ এই কাৰ্যসূচীত শিৱসাগৰ জিলাত আংশিক প্ৰভাৱ পৰা পৰিলক্ষিত হয় । পুৱাই বন্ধৰ সমৰ্থকসকলে যান-বাহন চলাচলত বাধা প্ৰদান কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ ৰখাৰ চেষ্টা কৰে । বিভিন্ন স্থানত পথৰ ওপৰত টায়াৰ জ্বলাই যাতায়ত ব্যাহত কৰাৰ চেষ্টা কৰা বন্ধ সমৰ্থকসকলক আৰক্ষীয়ে বাধা দিয়াৰ লগতে আটক কৰিছে । পুৱাৰ সময়ত বন্ধৰ আংশিক প্ৰভাৱ পৰিছে যদিও সময় বাগৰিলেহে ক'ব পৰা যাব শিৱসাগৰত বন্ধৰ প্ৰকৃত প্ৰভাৱ কেনে হয় ৷

ABOUT THE AUTHOR

...view details