শিৱসাগৰ, 27 জানুৱাৰী: শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম গাওঁৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । অসম গাওঁৰক্ষী সংগঠনৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত নিমন্ত্ৰতি অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এই মুকলি সভাতেই অসমৰ বিভিন্ন জিলাৰ গাঁওৰক্ষী বাহিনীৰ ৩৪ জন জোৱানক ২৬ চক্র সংগঠক বঁটা প্ৰদান কৰা হয় ।
সদৌ অসম গাওঁৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী সোণোৱাল - তলাতল ঘৰ
শিৱসাগৰত দুদিনিয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম গাওঁৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ এই প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গাঁওৰক্ষী বাহিনীৰ ৩৪ জন জোৱানক "২৬ চক্র সংগঠক বঁটা" প্রদান কৰা হয় ৷
![সদৌ অসম গাওঁৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী সোণোৱাল CM ATTENDED IN VDP FOUNDATION DAY AT SIVSAGAR](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10426330-thumbnail-3x2-siv.jpg)
ইফালে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক শোভাযাত্ৰাও উলিয়াই গাঁওৰক্ষী বাহিনীয়ে । এই শোভাযাত্ৰাৰ অন্তত এখন মুকলি সভাও অনুস্থিত হয় ৷ প্ৰতিষ্ঠা দিৱসত শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্ন ৰংঘৰ আৰু তলাতল ঘৰ দুয়োটা বিভিন্ন আলোক সজ্জাৰে সজাই তোলে আৰক্ষী তথা প্ৰশাসনে। শিৱসাগৰৰ কীৰ্তিচিহ্ন সমূহৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবেই এনে ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তা সকলে ।
ইফালে এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে মন্ত্ৰী যোগেন মোহন, অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, থাউৰা সমষ্টিৰ বিধায়ক কুশল দুৱাৰী, আমগুৰি সমষ্টি বিধায়ক প্ৰদীপ হাজৰিকা, উপায়ুক্ত বিষ্ণু কমল বৰা, বিধায়ক নৱনীত সন্দিকৈ, সাংসদ তপন গগৈৰ লগতে আৰক্ষীৰ বিভিন্ন উচ্চ পদস্থ বিষয়া সকলো উপস্থিত থাকে।