শিৱসাগৰ,1 ডিচেম্বৰঃশিৱসাগৰৰ অনুপ কুমাৰ শইকীয়া নামৰ লোক জনৰ বেংক একাউণ্টত ২৯ নৱেম্বৰত ভুলবশত ৪০ হেজাৰ টকা,সোমাই । কিন্তু আনৰ ধন খিনি লৈ লোভ নকৰি উক্ত ধন খিনি পুনৰ ওভতাই দিয়ে প্ৰকৃত ধনৰ গৰাকী জনক ৷
চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে সততাৰে ওভতাই দিলে 40 হাজাৰ টকা - হাইদৰাবাদ
ভুলবশত একাউন্টত সোমোৱা ৪০ হেজাৰ টকা পুনৰ প্ৰকৃত গৰাকীক ওভতাই দি সততাৰ পৰিচয় দিলে শিৱসাগৰৰ এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে ৷

উল্লেখ্য যে,হায়দৰাবাদৰ এজন যুৱকে বেংকযোগে মাতৃৰ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল 40 হাজাৰ টকা। কিন্তু ধনখিনি জমা কৰাৰ সময়ত একাউণ্ট নম্বৰ ভুল হৈ ধনখিনি শিৱসাগৰ নগৰৰ বৰ্ডিং ৰোডৰ নিবাসী তথা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অনুপ শইকীয়াৰ একাউণ্টত সোমায় । ইফালে ধনৰ গৰাকী জনে অনুপ শইকীয়াৰ সৈতে ফোন যোগে যোগাযোগ হোৱাত সোমবাৰে ধন খিনি প্ৰকৃত গৰাকী জনক ওভতাই দিয়ে অনুপ শইকীয়াই ৷ ইতিমধ্যে অনুপ শইকীয়াৰ এই পদক্ষেপক সকলোৱে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে সকলোৱে ৷
লগতে পঢ়ক- নলবাৰীৰ মুকালমুৱাত আৰক্ষীক আক্ৰমণ গৰু চোৰৰ