অসম

assam

ETV Bharat / city

অখিল গগৈয়ে নিজ সমষ্টিতকৈ চেঙা, ধুবুৰীৰ চৰ চাপৰিত বেছি গুৰুত্ব দিয়ে : আছু

অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ক পূৰ্ণাংগ ৰূপ দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ । এই ক্ষেত্ৰত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিধানসভাৰ মজিয়াতো ৰখা নাই কোনো প্ৰস্তাৱ ৷ ইয়াকে লৈ ক্ষোভিত শিৱসাগৰ মহকুমা আছুৰ সদস্যসকলে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

all-assam-students-union-protests-in-sivasagar
অখিল গগৈয়ে নিজ সমষ্টিতকৈ চেঙা,ধুবুৰীৰ চৰ চাপৰিত বেছি গুৰুত্ব দিয়ে : আছু

By

Published : Aug 11, 2021, 7:21 PM IST

শিৱসাগৰ, 11 আগষ্ট :ৰাজীৱ গান্ধী পেট্ৰ'লিয়াম প্ৰযুক্তি প্ৰতিষ্ঠান আৰু অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয় (Rajiv Gandhi University of Cooperative Management)ক পূৰ্ণাংগ ৰূপত গঢ়ি তুলি যুগ সাপেক্ষ শিক্ষানুষ্ঠান ৰূপে কাৰ্যক্ষম কৰি তোলাৰ দাবী শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাৰ ৷ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বুধবাৰে দিনৰ 11 বজাৰ পৰা দুঘন্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাৰ সদস্যসকলে ।

শিৱসাগৰৰ শৈক্ষিক মানদণ্ড একেবাৰে নিম্ন খাপৰ হৈ থকাৰ লগতে ৰাজীৱ গান্ধী পেট্ৰ’লিয়াম প্ৰযুক্তি প্ৰতিষ্ঠান আৰু অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ক পূৰ্ণাংগ ৰূপ দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ । শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ তিনিটা বিত্তীয় বৰ্ষত ছয়খন বিশ্ববিদ্যালয়লৈ 50 কোটি টকা ধাৰ্য কৰাৰ সময়ত শিৱসাগৰৰ এই বিশ্ববিদ্যালয়খনৰ বাবে কোনো ধৰণৰ পুঁজি আৱন্টন হোৱা নাই ।

অখিল গগৈয়ে নিজ সমষ্টিতকৈ চেঙা,ধুবুৰীৰ চৰ চাপৰিত বেছি গুৰুত্ব দিয়ে : আছু

লগতে প্ৰতিবাদকাৰী সকলে ইয়াকো সদৰি কৰে যে, শিৱসাগৰ সমষ্টিৰ বিধায়কজনে সদনত এই সন্দৰ্ভত কোনো ধৰণৰ প্ৰস্তাৱ নাৰাখিলে ৷ তেওঁ কেৱল পর্যটন বিভাগটোক অধিক গুৰুত্ব দিয়াৰ সময়ত শৈক্ষিক মানদণ্ড দিশটো গুৰুত্ব সহকাৰে নোলোৱাটো দুৰ্ভাগ্যজনক ।

বিধায়কজনে কেৱল চেঙা, ধুবুৰীৰ কথাহে গুৰুত্ব দিয়ে বুলিও অভিযোগ উত্থাপন কৰে আছুৱে । এই সন্দৰ্ভত আছুৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ একোখনকৈ দাবী পত্ৰ প্ৰেৰণ কৰে । অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয় আইন 2010 (Rajiv Gandhi University of Cooperative Management Act 2010)ৰ অধীনত প্ৰতিষ্ঠা হোৱা অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয়খন (Rajiv Gandhi University of Cooperative Management) দেশৰ ভিতৰতে প্ৰথম সমবায় পৰিচালিত বিশ্ববিদ্যালয় ।

বৌদ্ধিক বিকাশ আৰু শিক্ষণ, গুণ-দক্ষতা আৰু পৰিচালন ক্ষমতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ আৰু নতুন ক্ষেত্ৰস্থলত অনুসন্ধানৰ কাৰণে গৱেষণা আৰু প্ৰচেষ্টাৰে সৰ্বতো প্ৰকাৰৰ উন্নতি, সমবায় আন্দোলন আৰু গ্ৰাম্য অৰ্থনীতি বৃদ্ধিৰ মূল লক্ষ্যৰে সৈতে উজনি অসমৰ শিৱসাগৰ জিলাত স্থাপন কৰা এই বিশ্ববিদ্যালয় খন এখন শৈক্ষিক আৰু আবাসিক বিশ্ববিদ্যালয়।

লগতে পঢ়ক:নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুত জিলিকিল লাভলীনা

ABOUT THE AUTHOR

...view details