শিৱসাগৰ, 21 ছেপ্টেম্বৰ:জনজাতিকৰণৰ দাবীত পুনৰ উত্তাল শিৱসাগৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ জনজাতিকৰণৰ সিদ্ধান্তক লৈ উত্তপ্ত হৈ পৰিছে শিৱসাগৰ নগৰৰ ৰাজপথ । টাই আহোমকে ধৰি মটক জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান নকৰাক লৈ সৰৱ হৈ পৰিছে জিলাখনৰ জনগোষ্ঠীয় সংগঠনসমূহ ।
যাৰ বাবে বুধবাৰে পুৱা শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই (All Assam Chutia Student Union) এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰখনক কটু ভাষাৰে সমালোচনা কৰে (AACSU demands for ST status) ৷