মৰাণ,17 অক্টোবৰ : উপ- নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত আৰম্ভ হৈছে বোকা ছটিওৱা ৰাজনীতি । মন্ত্ৰী পীযুষ হাজৰিকাই শনিবাৰে থাওৰাত অখিল গগৈ আৰু ধৈৰ্য্য কোঁৱৰক তীব্ৰ সমালোচনা কৰি মন্তব্য কৰি কৈছিল, অখিল গগৈয়ে 2026 ত টীয়কৰ পৰা নিৰ্বাচন খেলিব ।
ৰাইজৰ দলৰ উত্থান দেখি মতিভ্ৰম হৈছে মন্ত্ৰী পীযুষ হাজৰিকাৰ: অখিল গগৈ এই সম্পৰ্কে বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, "মন্ত্ৰী পীযুষ হাজৰিকাৰ মতিভ্ৰম হৈছে । ৰাইজৰ দলৰ উত্থানক লৈ শংকিত হৈ এনেদৰে আবোল-তাবোল বকিছে পীযুষ হাজৰিকাই । পীযুষ হাজৰিকাক বাস্তৱলৈ ঘূৰি আহিবলৈ আহ্বান অখিল গগৈৰ । লগতে কয়, মিছা কথা কৈ এইবাৰ বিজেপিয়ে ভোট ল'ব নোৱাৰিব ৰাইজৰ পৰা ।
উল্লেখযোগ্য যে, থাওৰা বিধানসভা সমষ্টিত মন্ত্ৰী পীযুষ হাজৰিকাই শনিবাৰে কেইবাখনো নিৰ্বাচনী সভাত সুশান্ত বৰগোহাঁইক লগত লৈ অংশগ্ৰহণ কৰিছিল । ইয়াৰ পাছতে থাওৰাত বিজেপিৰ জয় নিশ্চিত বুলি কৈ সাংবাদ মাধ্যমৰ আগত অখিল গগৈ আৰু ধৈৰ্য্য কোঁৱৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল মন্ত্রী পীযুষ হাজৰিকা । তেওঁঁ কয় যে, "পাঁচ মাহতে শিৱসাগৰবাসীৰ আমুৱালে অখিল গগৈক, আগন্তুক নিৰ্বাচনত অখিল গগৈয়ে নিৰ্বাচন খেলিব টীয়কত ।
ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰৰ গৃহ পঞ্চায়ততে ধৈৰ্য্য কোঁৱৰক চিনি নাপায় ৰাইজে, অঞ্চলটোত হাতীৰ সমস্যা হয়, বানপানীৰ সমস্যা হয় ধৈৰ্য্য কোঁৱৰ থাকে গুৱাহাটীত"। ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰৰ গৃহ গাঁও ৰূপহী বামত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ধৈৰ্য্য কোঁৱৰক তীব্ৰ সমালোচনা কৰাৰ লগতে ৰাইজৰ দল বৰ্তমান হতাশ হৈ পৰিছে তাৰ বাবে বিজেপি দলৰ সভাত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি আছে বুলি উল্লেখ কৰে ।
লগতে পঢ়ক : পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ; পৰ্যটক সোঁত বৈছে কাজিৰঙালৈ