অসম

assam

গো-সুৰক্ষা আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিব বিধায়ক অখিল গগৈ

By

Published : Aug 19, 2021, 9:16 PM IST

গো-সুৰক্ষা আইনে অসমৰ গো-পালক সকলক মাধমাৰ সোধাইছে ৷ আইনখন প্ৰৱতন হোৱাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী জীৱিকাৰ সন্ধানত বহি:ৰাজ্যলৈ ঢাপলি মেলিছে ৷ শিৱসাগত এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ৷

গো-সুৰক্ষা আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিব বিধায়ক অখিল গগৈ
গো-সুৰক্ষা আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিব বিধায়ক অখিল গগৈ

শিৱসাগৰ,19 আগষ্ট: বৃহস্পতিবাৰে শিৱসাগৰত এখন সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷ শিৱসাগৰৰ আৰ্ৱত ভৱনত সংবাদমেলখন সম্বোধন কৰিয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে সুচ্ছাৰ হৈ পৰে বিধায়ক অখিল গগৈ ৷ পোন প্ৰথমে গো-সুৰক্ষা আইনখনৰ বিৰুদ্ধে সৰৱ হৈ অখিল গগৈয়ে কয়, গাখীৰ বিক্ৰী কৰি গো-পালক সকলে জীৱন নিৰ্বাহ কৰা অসম্ভৱ ৷

গতিকে এই আইনখনে মুছলমান সকলক লক্ষ্য কৰি লোৱা হৈছে ৷ কিন্তু আইনখনে কেৱল মুছলমান সম্প্ৰদায়ৰ লোককে ক্ষতি নকৰে বৰঞ্চ অন্যান্য সম্প্ৰদায়ৰ লোককো সিমানে ক্ষতি কৰিব ৷ তাৰ পাছতে অখিল গগৈয়ে কয় যে, ইতিমধ্যে এই আইখন প্ৰৱৰ্তন হোৱাৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু যুৱক-যুৱতী বহি:ৰাজ্যলৈ জীৱিকাৰ সন্ধানত ঢাপলি মেলিছে ৷

গো-সুৰক্ষা আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিব বিধায়ক অখিল গগৈ

লগতে পঢ়কঃ জীৱনৰ আদিপাঠ আৰম্ভ কৰা বিদ্যালয়খনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ধেমাজিকে ধৰি বহু জিলাৰ যুৱক যুৱতীৰ জীৱিকা ধ্বংস কৰিছে এই গো-সুৰক্ষা আইনখনে ৷ মন কৰিব লগীয়া যে, আজিৰ এই সংবাদমেলখনতে ধেমাজিৰ পৰা বহু গো-পালক আহি উপস্থিত হৈ অখিল গগৈক সাক্ষাৎ কৰে ৷ ইয়াৰ লগতে অখিল গগৈক গো-সুৰক্ষা আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ জনাইছে আহ্বান ৷ ইফালে অখিল গগৈয়ে আগন্তুক ৩ ছেপ্তেম্বৰৰ পৰা গো-সুৰক্ষা আইনৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে ৷

প্ৰথমে চিলাপথাৰ, জুনাইৰ পৰা এই গো-সুৰক্ষা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰিছে অখিল গগৈয়ে ৷ লগতে তেওঁ কয়, এই গো-সুৰক্ষা আইন প্ৰৱৰ্তন হ’লে গো-পালক সকলৰ জীৱন ধ্বংস হোৱাৰ লগতে অন্ধকাৰ নামি আহিব ৷

আনহাতে 100 দিন সম্পূৰ্ণ হোৱাৰ বাবে চৰকাৰক অৰ্থনৈতিক পেকেজ ঘোষণা কৰিবলৈও দাবী জনোৱা দেখা যায় অখিল গগৈক ৷ ইয়াৰ লগে লগে চৰকাৰক প্ৰশ্ন কৰি অখিল গগৈয়ে কয় যে, চৰকাৰে গো-সুৰক্ষা আইন প্ৰৱৰ্তন কৰাৰ পৰিৱৰ্তে প্ৰথমে মানৱ সুৰক্ষা আইন আনিব লাগিছিল ৷

লগতে পঢ়কঃ কিয় কেঁচা চাহপাত ৰাজপথত পেলাই দিলে ক্ষুদ্ৰ চাহ খেতিয়কে ?

ABOUT THE AUTHOR

...view details