অসম

assam

By

Published : Aug 11, 2021, 5:24 PM IST

ETV Bharat / city

শিৱসাগৰত বিধায়ক অখিল গগৈৰ প্ৰতিকৃতি দাহ

নিজ সমষ্টিতে প্ৰতিবাদৰ সন্মুখীন বিধায়ক অখিল গগৈ ৷ এইবাৰ শিৱসাগৰত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা ৷

akhil gogoi effigy burnt
বিধায়ক অখিল গগৈৰ প্ৰতিকৃতি দাহ

শিৱসাগৰ, 11 আগষ্ট : প্ৰতিবাদমুখৰ হৈ পৰিছে শিৱসাগৰ জিলা ৷ বুধবাৰে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা ৷ বিধায়ক অখিল গগৈয়ে কিছুদিন পূৰ্ৱে অনুসূচিত জাতিক লৈ কটু মন্তব্য কৰিছিল ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে এতিয়া অনুসূচিত জাতি ৷

শিৱসাগৰত বিধায়ক অখিল গগৈৰ প্ৰতিকৃতি দাহ

কেৱল অনুসূচিত জাতিয়ে নহয়, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অনুসূচিত জাতিক অপমানসূচক মন্তব্য কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ কেইবাটাও দল-সংগঠন ৷ সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাই নহয়, শিৱসাগৰ নগৰৰ ব্যস্ততম দ'লমুখ চাৰিআলিত বিধায়কগৰাকীৰ পুত্তলিকাও দাহ কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক:আগন্তুক 10 দিনত উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাতৰ আশংকা

নৱ-নিৰ্বাচিত বিধায়ক অখিল গগৈ মুৰ্দাবাদ ধ্বনিৰে বুধবাৰে উত্তাল হৈ পৰে শিৱসাগৰৰ দ'লমুখ চাৰিআলিৰ আকাশ-বতাহ ৷

বিধায়ক অখিল গগৈৰ প্ৰতিকৃতি দাহ

উল্লেখ্য যে, বিধায়ক হোৱাৰ পাচত পোন প্ৰথমবাৰৰ বাবে বুধাবাৰে নিজ সমষ্টি শিৱসাগৰতে প্ৰতিবাদৰ সন্মুখীন হ’ব লগাত পৰিছে স্থানীয় বিধায়কগৰাকী ৷ যেতিয়ালৈকে বিধায়ক গৰাকীয়ে অনুসূচিত জাতিক ক্ষমা নোখোজে তেতিয়ালৈকে ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

কেৱল শিৱসাগৰতে নহয়, অনুসূচিত জাতিক লৈ কৰা মন্ত্যৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ সংগঠনটোৰ দাবী, বিধানসভা নিৰ্বাচনত কেৱল ভোট বেংক হিচাপে বিবেচিত হৈছিল অনুসূচিত জাতি ৷

ভোট লৈ এতিয়া সাধাৰণ ৰাইজৰ কথা পাহৰিছে অখিল গগৈয়ে ৷ অখিল গগৈৰ পক্ষত থকাৰ স্বতেও অনুসূচিত জাতিক বিধায়ক গৰাকীয়ে অবমাননা কৰিছে ৷ এই অভিযোগ সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ৷ অনুসূচিত জাতি সন্দৰ্ভত অখিল গগৈৰ স্থিতিক সমালোচনা কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক:সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই জ্বলালে অখিল গগৈৰ পুত্তলিকা

ABOUT THE AUTHOR

...view details