শিৱসাগৰ, 8 ফেব্ৰুৱাৰী : "অসমীয়াৰ হিয়াৰ আমঠু বিহুক লৈ ৰজাঘৰীয়া নিৰ্দেশনা কোনোপধ্যে মানি লোৱা নহ'ব ৷" এইদৰে বিহুৰ চান্দাক লৈ চৰকাৰে কৰা ঘোষণাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi defies chief ministers instruction on bihu donation)।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক চান্দা বীৰ বুলিও অভিহিত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ লগতে কয় যে, যিজন লোক ছাত্ৰ সংগঠনত থকাৰ পৰা মুখ্যমন্ত্ৰী হৈ থকালৈকে চান্দা উঠাই অহিছিল, সেইজনে এতিয়া বিহুৰ চান্দাক লৈ বিৰোধীতা কৰিছে । ছাত্ৰ সন্থাত থকাৰ দিনত চান্দা তোলা, আলফাৰ দিনত চান্দা তোলি আইনৰ ৰোষত পৰা, কংগ্ৰেছৰ দিনত চান্দা সংস্কৃতিক মান্যতা দিয়া, বিজেপিলৈ আহি স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ পৰা মুখ্যমন্ত্ৰী হোৱালৈকে চান্দা উঠোৱা এইজন হিমন্ত বিশ্ব শৰ্মাই বিহুক লৈ চান্দা বন্ধ কৰাৰ নিৰ্দেশনা কোনো কাৰণত গ্ৰহণযোগ্য নহয় বুলি মঙলবাৰে শিৱসাগৰৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে বিধায়কগৰাকীয়ে (Press conference organise by Akhil Gogoi) ৷
"বলপূৰ্বক চান্দা সংগ্ৰহ মানি লোৱা নহ'ব । কিন্তু ৰাইজে স্বইচ্ছাই আগবঢ়োৱা বৰঙণি সংগ্ৰহ কৰি বিহু আমি আগৰ দৰে উদযাপন কৰিম । বিহুক লৈ চৰকাৰৰ নিৰ্দেশনা নিৰ্দেশনা কোনো কাৰণত মানি লোৱা নহ'ব " বুলি বিধায়কগৰাকীয়ে মঙলবাৰে অনুষ্ঠিত হোৱা সংবাদ মেলত স্পষ্ট কৰি দিয়ে বিধায়কগৰাকীয়ে । চান্দা উঠোৱাৰ বিৰোধ কৰা এইখন চৰকাৰে ব্যৱসায়ী সকলৰ অৱস্থা শোচনীয় বুলি উল্লেখ কৰিছে যদিও তেওঁলোকৰ অৱস্থা কিয় উন্নত কৰিব পৰা নাই বুলি এই সংবাদমেলখনত চৰকাৰক প্ৰশ্ন কৰে বিধায়ক গৰাকীয়ে ।