অসম

assam

ETV Bharat / city

শিৱসাগৰত 'কা' বাতিলৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিলৰ দাবীত সোমবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷ বিভিন্ন জিলাৰ লগতে শিৱসাগৰতো মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্য সকলে ৷

AJYCP protest Against CAA At Sivasagar District
শিৱসাগৰত 'কা' বাতিলৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী

By

Published : Aug 17, 2020, 6:40 PM IST

শিৱসাগৰ, 17 আগষ্টঃ সোমবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সংগঠনটোৱে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ লগতে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে গৃহীত কৰিবলৈ বিচৰা EIA 2020 বাতিলৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰে ৷

শিৱসাগৰত 'কা' বাতিলৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী

ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে 'কা' বিৰোধী আন্দোলন । বিভিন্ন জিলাৰ লগতে শিৱসাগৰতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় । জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিলৰ লগতে EIA-২০২০ হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবীত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ।

'কা' আমি নামানো, কেন্দ্ৰীয় চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ'বেক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে। অতি শীঘ্ৰে চৰকাৰে 'কা' আৰু EIA 2020 খচৰা বাতিল নকৰা পৰ্যন্ত গণতান্ত্ৰিক ভাৱে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে সংগঠনটোৰ সদস্য সকলে।

লগতে পঢ়ক-নগাঁৱত CAA ৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details