অসম

assam

ETV Bharat / city

আমগুৰিত চিৰাজউদ্দিন আজমলৰ প্ৰতিকৃতি দাহ

অসম বিধানসভাৰ চৌহদত অসমীয়া ভাষাক লৈ এআইইউডিএফৰ বিধায়ক চিৰাজউদ্দিন আজমলে কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া (MLA Sirajuddin Ajmal refused to speak Assamese) ৷ বিধায়কজনৰ এই মন্তব্যৰ পাছৰে পৰা ৰাজ্যৰ বিভিন্ন দল-সংগঠনে বিধায়কগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

aiudf-mla-sirajuddin-ajmal-effigy-burns-at-amguri
আমগুৰিত চিৰাজউদ্দিন আজমলৰ প্ৰতিকৃতি দাহ

By

Published : Apr 4, 2022, 1:34 PM IST

আমগুৰি,৪ এপ্ৰিল : বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আমগুৰি আঞ্চলিক সমিতিয়ে সোমবাৰে চহৰখনৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে এআইইউডিএফৰ বিধায়ক চিৰাজউদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰি চিৰাজউদ্দিন হায় হায়, অসমত বাংলাদেশীৰ দাদাগিৰি নচলিব, অসমত অসমীয়াগিৰি চলিব আদি শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে (Sirajuddin Ajmal effigy burns at Amguri) ।

প্ৰতিবাদকাৰীসকলে চিৰাজউদ্দিন আজমলৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায় ৷ তেওঁলোকে চিৰাজউদ্দিন আজমলক 420 অৰ্থাৎ প্ৰৱঞ্চক আখ্যা দি তেওঁ ক্ষমা খুজিলে নহ'ব বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ লগতে অসম নামৰ মাজনীৰ কাৰণে যিকোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ কৰ্মকৰ্তাসকলে (Protest against Sirajuddin Ajmal)৷

আমগুৰিত চিৰাজউদ্দিন আজমলৰ প্ৰতিকৃতি দাহ

বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আমগুৰি আঞ্চলিক সমিতিয়ে লগতে পেট্ৰ’ল, ডিজেল আদি ইন্ধনজাত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে অসম চৰকাৰক দাবী জনায় । তেওঁলোকে ৰঞ্জিত দাসকো এজন ব্যৰ্থ মন্ত্ৰী বুলি উল্লেখ কৰি অসম চৰকাৰক তেওঁৰ পৰা যোগান বিভাগ মন্ত্ৰীত্বৰ পদ খাৰিজ কৰাৰ দাবী জনায় ।

উল্লেখ্য যে, অসম বিধানসভাৰ চৌহদত "অসমীয়া ভাষাক কোনে চিনি পায়, মই অসমীয়া ভাষা নকওঁ । অসমীয়া কেইটা আছে । আজমল ইন্টাৰনেচনেল মানুহ । এআইইউডিএফ ৰাষ্ট্ৰীয় দল । মই ইংৰাজীহে কম" এইবুলি অসমীয়া ভাষাৰ বিৰুদ্ধে তীৰ্যক মন্তব্য প্ৰকাশ কৰিছিল বিধায়ক চিৰাজউদ্দিন আজমলে (MLA Sirajuddin Ajmal refused to speak Assamese ) ৷ বিধায়ক চিৰাজউদ্দিন আজমলে অসমতে অসমীয়া ভাষাক এনেদৰে অপমান কৰাৰ ফলত ক্ষোভিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ বিভিন্ন দল-সংগঠন ৷

ইতিমধ্যে অসমীয়া ভাষাক অপমান কৰা এআইইউডিএফৰ বিধায়কগৰাকীৰ বিৰুদ্ধে সম্প্ৰতি ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ ৷ কোনোৱে যদি বিধায়কগৰাকীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে, আন কোনো আকৌ দ্বাৰস্থ হৈছে আইনৰ ৷ বহুতে আকৌ চিৰাজউদ্দিন আজমলৰ বিধায়ক পদ খাৰিজৰ দাবী জনায় ৷

লগতে পঢ়ক :বিলাসীপাৰাত AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ পুত্তলিকা দাহ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details